মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

জলপানি

মেট্ৰিক উত্তীৰ্ণ হো‌ৱাৰ পাছৰ জলপানি, ২০১৬-১৭

সাধাৰণ বাজেটৰ অন্তৰ্ভুক্ত মেট্ৰিক উত্তীৰ্ণ হো‌ৱাৰ পাছৰ জলপানি-২০১৬-১৭ আঁচনিৰ ৰূপায়নৰ বাবে নিৰ্দেশনা

1.আঁচনিৰ নামমেট্ৰিক উত্তীৰ্ণ হো‌ৱাৰ পাছৰ জলপানি
2.মুঠ বাজেট২৪০,০০,০০০/- (দুশ চল্লিশ লাখ) টকা
3.আঁচনিখনৰ উদ্দেশ্যআঁচনিখনৰ উদ্দেশ্য হৈছে মেট্ৰিক উত্তীৰ্ণ হো‌ৱা ছাত্ৰ-ছাত্ৰী যিসকল চাহ-জনগোষ্ঠী সম্প্ৰদায়ৰ আৰু আৰ্থিকভা‌ৱে পিছপৰা, তেওঁলোকক কিছু আৰ্থিক সকাহ দিয়া ।
4.পাৰ্থি‌ৱ লক্ষ্যআনুমানিক লক্ষ্য হিচাপে মুঠ ৪,৮৩৫ জন শিক্ষাৰ্থীক সামৰা হৈছে । তথাপি বাস্ত‌ৱিক লক্ষ্যৰ স‌ৱিশেষ মহকুমাৰ কাৰ্যালয়ৰপৰা সকলো আবেদন সঞ্চালকালয়ৰ কাৰ্যালয়ত আহি জমা হো‌ৱাৰ পাছতহে জনা যায় ।  
5.ৰূপায়নৰ এজেন্সীৰ নামচাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়
6.ৰূপায়নৰ পদ্ধতিমহকুমা সমাজ-কল্যাণ বিষয়াই (SDWO) শিক্ষাৰ্থীসকলে পঢ়ি থকা শিক্ষানুষ্ঠানৰ নামৰ সৈতে শিক্ষাৰ্থীসকলৰ তালিকা সঞ্চালকালয়ৰ কাৰ্যালয়ত জমা দিব ।বিজ্ঞাপনৰ যোগেদিও আবেদন গ্ৰহণ কৰা হয় । নিৰীক্ষনৰ পাছত জলপানিৰ টকাসমূহ শিক্ষাৰ্থীৰ বেংক একাউন্টলৈ এ-ট্ৰেন্সফাৰৰ যোগেদি জমা কৰি দিয়া হয় ।
7.উপভোক্তাৰ নিৰ্বাচনচাহ জনগোষ্ঠিৰ মহকুমাভিত্তিক সমিতিয়ে উপভোক্তাসমূহ নিৰ্বাচন কৰিব ।
8.ভগাই দিয়া প্ৰক্ৰিয়াজলপানিৰ টকাসমূহ শিক্ষাৰ্থীৰ বেংক একাউন্টলৈ এ-ট্ৰেন্সফাৰৰ যোগেদি নতুবা ড্ৰাফ্ট যোগেদি জমা কৰি দিয়া হয়
9.তথ্যপাতিৰ সংৰক্ষণ আৰু চো‌ৱাচিতাআঁচনিখনৰ ৰূপায়নৰ স‌ৱিশেষ তথ্যপাতি সঞ্চালকালয়ে সুৰক্ষিত কৰি ৰাখিব আৰু ৰূপায়নৰ বিভিন্ন স্তৰ চো‌ৱাচিতা কৰিব । .
10.ৰূপায়নৰ প্ৰতিবেদন জমা দিয়াসঞ্চালকালয়ে প্ৰতিবেদন চৰকাৰক জমা দিব
11.খৰছৰ প্ৰমাণপত্ৰ (UC) জমা দিয়াসঞ্চালকালয়ে খৰছৰ হিচাপসমূহ সময়ে সময়ে চৰকাৰক জমা দিব ।
12.সম্পূৰ্ণ কৰাৰ সম্ভা‌ৱ্য সময়সূচীমাৰ্চ, ২০১৭