মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

চাহ জনজাতীয় লোকৰ ১৩ শ্বহীদ পৰিয়ালৰ প্ৰতিটো পৰিয়ালৰ বাবে ৫ লাখ টকাকৈ বিত্তীয় সহযোগিতা

  • লক্ষ্যঃ

    এই আঁচনিৰ মূল লক্ষ্য হ'ল অসমৰ চাহ জনজাতিৰ হকে জীৱন বলিদান দিয়া ১৩টা শ্বহীদ পৰিয়ালৰ প্ৰত্যেককে তেওঁলোকে নিজৰ জাতিৰ হকে আগুৱাই যাবলৈ ৫লাখকৈ একক আৰ্থিক সহযোগীতা আগবঢ়োৱা।

    পাৰ্থিৱ লক্ষ্যঃ

    পাৰ্থি‌ৱ লক্ষ্য অসমৰ চাহ জনজাতিৰ হকে জীৱন বলিদান দিয়া ১৩ টা শ্বহীদ পৰিয়ালৰ বাবে নিৰ্ধাৰিত।

    অনুদানৰ হাৰঃ

    বিত্তীয় সহযোগীতা হিচাপে অনুদানৰ হাৰ প্ৰতিটো পৰিয়াললৈ ৫ লাখ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে।

    ৰূপায়নৰ এজেন্সীৰ নাম

    চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়

    বৈশিষ্ট

    অসমৰ চাহ জনজাতিৰ হকে জীৱন বলিদান দিয়া ১৩ টা শ্বহীদ পৰিয়ালৰ প্ৰত্যেককে তেওঁলোকে নিজৰ জাতিৰ হকে আগুৱাই যাবলৈ ৫ লাখকৈ আৰ্থিক সহযোগীতা আগবঢ়োৱা।

    হিতাধিকাৰী নিৰ্বাচনৰ অৰ্হতা

    অসমৰ চাহ জনজাতিৰ হকে জীৱন বলিদান দিয়া ১৩ টা শ্বহীদ পৰিয়ালৰ প্ৰত্যেককে তেওঁলোকে নিজৰ জাতিৰ হকে আগুৱাই যাবলৈ ৫ লাখকৈ একক আৰ্থিক সহযোগীতা আগবঢ়োৱা হব।

    ৰূপায়নঃ

    ১৩ টা শ্বহীদ পৰিয়ালৰ তালিকা চাহ জনজাতি ছাত্ৰ সন্থাৰ আলোচনা মৰ্মে নিৰ্ধাৰণ কৰা হব। সঞ্চালকালয়ে চৰকাৰৰ পৰা ধন পোৱাৰ পিছতেই ১৩ টা শ্বহীদ পৰিয়ালে পাব লগীয়া অৰ্থ পোনপতীয়াকতৈ তেওঁলোকৰ বেংক একাউন্টত জমা দিয়া হব। সঞ্চালকে অৰ্থ আগবঢ়োৱাৰ আগতে ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিতিৰ অধ্যক্ষক ধনৰাশিৰ অনুমোদন বিচাৰিব।

    হিতাধিকাৰী নিৰ্বাচনৰ অৰ্হতা

    অসমৰ চাহ জনজাতিৰ হকে জীৱন বলিদান দিয়া ১৩ টা শ্বহীদ পৰিয়ালৰ প্ৰত্যেককে তেওঁলোকে নিজৰ জাতিৰ হকে আগুৱাই যাবলৈ ৫ লাখকৈ আৰ্থিক সহযোগীতা আগবঢ়োৱা হব।সঞ্চালকালয়ে চৰকাৰৰ পৰা ধন পোৱাৰ পিছতেই ১৩ টা শ্বহীদ পৰিয়ালে পাব লগীয়া অৰ্থ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিতিৰ অধ্যক্ষৰ অনুমোদন লৈ পোনপতীয়াকতৈ তেওঁলোকৰ বেংক একাউন্টত জমা দিয়া হব।

    কাৰ্যপ্ৰণালী বিতৰণঃ

    সঞ্চালকালয়ে চৰকাৰৰ পৰা ধন পোৱাৰ পিছতেই পোনপতিয়াকৈ ই-ট্ৰান্সফাৰৰ যোগেদি শ্বহীদ পৰিয়ালক পাব লগা অনুদান প্ৰদান কৰা হব ।

    আঁচনিৰ তদাৰকীকৰণঃ

    এই আঁচনিৰ তদাৰক অসম চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ সঞ্চালকায়ে নিজে কৰিব।

    নথি-পত্ৰৰ চোৱাচিতা আৰু তদাৰকীকৰণঃ

    সঞ্চালকে আঁচনিখনৰ সম্পূৰ্ণ নথি পত্ৰ চোৱাচিতা কৰিব।

    অগ্ৰগতিৰ খতিয়ান দাখিল

    সঞ্চালকে অগ্ৰগতিৰ খতিয়ানচৰকাৰক দাখিল কৰিব।

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা বাৰ্ষিক ভিত্তিতনিয়মীয়াকৈ লেখা পৰীক্ষা কৰা হব যাৰ দ্বাৰা চাহ জনজাতি বিভাগে নিশ্চিত কৰিব যে সময়ে সময়ে চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালৰ একাইন্টৰ AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা কৰি থকা হৈছে।

    কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ দাখিল

    সঞ্চালকালয়ে কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ সময়মতে চৰকাৰক দাখিল কৰিব।

    নিৰ্ধাৰিত সময়ৰ সামৰণিঃ

    প্ৰতিটো বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ