মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

ছাত্ৰাবাসৰ নিৰ্মাণ

  • ৰাজ্যৰ ভিন্ন প্ৰান্তত লৰা আৰু ছোৱালীৰ বাবে আবাসৰ কাম চলি আছে। ছাত্ৰাবাসৰ কাম শিলচৰ,হাইলাকান্দি,কৰিমগঞ্জ,শ্ৰীৰামপুৰ,গোসাইগাওঁ,মৰান, মাৰ্ঘেৰিটা,ডিফু আৰু কচুগাওঁত ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। বিশ্বনাথ চাৰিআলি,তেজপুৰ আৰু গুৱাহাটিত নিৰ্মাণৰ কাম চলি আছে আৰু বামুনি পাহাৰ, তেজপুৰত ছাত্ৰাবাসৰ সংখ্যা বৃদ্ধি কৰা হৈছে যি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত।

    একেদৰে,শিৱসাগৰ,নগাওঁ,শ্ৰীৰামপুৰ,তেজপুৰ,যোৰহাট,ডিব্ৰুগড় আৰু বিহালীত ছাত্ৰীনিবাসৰ কাম সম্পূৰ্ণ হৈ উঠিছে। নগাওঁত এটা ছাত্ৰাবাসৰ পুনৰ্নিৰ্মাণৰ কামো সম্পন্ন হৈ উঠিছে। তদুপৰি, দুলিয়াজান,টেঙাখাট,দেৰগাওঁ,ৰঙাপাৰা,মাজবাট, সোণাৰি আৰু বৰাক উপত্যকাৰ কৰতিপামত ছাত্ৰীনিবাসৰ নিৰ্মাণৰ কাম চলি আছে।

    শিৱসাগৰৰ মেজেঙাত আৰু যোৰহাট জিলাৰ ৰৰৈয়াত ছাত্ৰীনিবাসৰ সংখ্যা বৃদ্ধি কৰা হৈছে।