মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

১০ লাখ উপভোক্তাৰ ১২ টকাকৈ জী‌ৱন বীমাৰ প্ৰিমিয়াম

  • লক্ষ্যঃ

    এই আঁচনিৰ অধিনত Assam Tea Employees Provident Fund Organization জী‌ৱন-বীমা পাব পৰাকৈ প্ৰধান মন্ত্ৰী জন সুৰক্ষা বীমা আঁচনি ৰ অধীনত ১০ লাখ উপভোক্তাৰ ১২ টকাকৈ জী‌ৱন বীমাৰ প্ৰিমিয়াম দি বিত্তিয় সহযোগীতা প্ৰদান কৰা হব।

    পাৰ্থি‌ৱ লক্ষ্যঃ

    পাৰ্থি‌ৱ লক্ষ্য Assam Tea Employees Provident Fund Organization ৰ অধিনত থকা ১০ লাখ পঞ্জীকৃত কৰ্মীৰ বাবে নিৰ্ধাৰিত কৰা হব।

    অনুদানৰ হাৰঃ

    ১২ টকাকৈ বীমা প্ৰিমিয়াম টকাকৈ হিতাধিকাৰীৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।

    ৰূপায়নৰ এজেন্সীৰ নাম

    ATEPFO ৰ গঠনৰ সৈতে চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়

    বৈশিষ্ট

    Assam Tea Employees Provident Fundৰ অধিনত পঞ্জীয়ন কৰা চাহ বাগিচা কৰ্মচাৰীলসকলহে এই আঁচনিৰ বাবে যোগ্য হব।

    হিতাধিকাৰী নিৰ্বাচনৰ অৰ্হতাঃ

    হিতাধিকাৰী নিৰ্বাচনৰ বাবে তলত দিয়া অৰ্হতাৰ প্ৰয়োজনঃ

    • অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে ভাৰতীয় নাগৰিক হব লাগিব।
    • Assam Tea Employees Provident Fundৰ অধিনত পঞ্জীয়ন কৰা চাহ বাগিচা কৰ্মচাৰীলসকলহে এই আঁচনিৰ বাবে যোগ্য হব।

    ৰূপায়নঃ

    ATEPFO ৰ পৰা পঞ্জীকৃত কৰ্মী সকলৰ তালিকাখন সংগ্ৰহ কৰা হব। সঞ্চালকালয়ে চৰকাৰৰ পৰা ধন পোৱাৰ পিছতেই ATEPFO ৰ একাউন্টত মুঠ পঞ্জীকৃত কৰ্মী অনুযায়ী পাব লগা অনুদান প্ৰদান কৰা হব ।অৱশ্যে পাব লগীয়া অৰ্থ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিতিৰ অধ্যক্ষৰ অনুমোদন পোৱাৰ পিছতহে ATEPFO ৰ একাউন্টত জমা কৰি দিয়া হব। মুঠ বাজেতৰ ২% প্ৰশাসনিক ধন ATEPFO ৰ একাউন্টলৈ পঠিয়াই দিয়া হব।

    হিতাধিকাৰী নিৰ্বাচনঃ

    Assam Tea Employees Provident Fund Organization ৰ অধিনত পঞ্জীয়ন কৰা চাহ বাগিচা কৰ্মীসকলহে এই আঁচনিৰ বাবে যোগ্য হব।সঞ্চালকালয়ে চৰকাৰৰ পৰা ধন পোৱাৰ পিছতেই ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিতিৰ অধ্যক্ষৰ অনুমোদনলৈ ATEPFO ৰ একাউন্টত জমা কৰি দিয়া হব।

    কাৰ্যপ্ৰণালী বিতৰণঃ

    সঞ্চালকালয়ে চৰকাৰৰ পৰা ধন পোৱাৰ পিছতেই পোনপতিয়াকৈ ই-ট্ৰান্সফাৰৰ যোগেদি ATEPFO ৰ একাউন্টত পঞ্জীকৃত বাগিচা অনুপাতে পাব লগা অনুদান প্ৰদান কৰা হব ।

    আঁচনিৰ তদাৰকীকৰণঃ

    এই আঁচনিৰ তদাৰক অসম চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ সঞ্চালকায়েনিজে কৰিব।

    নথি-পত্ৰৰ চোৱাচিতা আৰু তদাৰকীকৰণঃ

    সঞ্চালকে আঁচনিখনৰ সম্পূৰ্ণ নথি পত্ৰ চোৱাচিতা কৰিব।

    অগ্ৰগতিৰ খতিয়ান দাখিল

    সঞ্চালকে অগ্ৰগতিৰ খতিয়ানচৰকাৰক দাখিল কৰিব।

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা বাৰ্ষিক ভিত্তিতনিয়মীয়াকৈ লেখা পৰীক্ষা কৰা হব যাৰ দ্বাৰা চাহ জনজাতি বিভাগে নিশ্চিত কৰিব যে সময়ে সময়ে চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালৰ একাইন্টৰ AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা কৰি থকা হৈছে।

    কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ দাখিল

    সঞ্চালকালয়ে কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ সময়মতে চৰকাৰক দাখিল কৰিব।

    নিৰ্ধাৰিত সময়ৰ সামৰণিঃ

    প্ৰতিটো বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ