মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

গ্ৰাম্য পানী যোগান

  • লক্ষ্যঃ

    এই আঁচনিৰ মূল উদ্দেশ্য হলগ্ৰাম্য পানী যোগান আঁচনি অধিনত প্ৰতিজন চাহজনজাতি লোকৰ বাবে তাৰা পাম্প, দমকল, কুঁৱা আদিৰ সহায়ত বিশুদ্ধ খোৱা পানী সহজলব্ধ কৰি তোলা।

    পাৰ্থি‌ৱ লক্ষ্য

    পাৰ্থি‌ৱ লক্ষ্য নিৰ্ধাৰিত বিত্তীয় বৰ্ষৰ বাবে ধাৰ্য কৰা ধনৰ ওপৰত নিৰ্ভৰ কৰিব আৰু পৰিকল্পনা আৰু বাজেত PHE বিভাগৰ দ্বাৰা যুগুতোৱা হব।

    ৰূপায়নৰ এজেন্সীৰ নাম

    চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়

    বৈশিষ্ট

    চাহ জনজাতি মানুহৰ বাবে গভীৰ নলীনাদ, তাৰা পাম্প আদিৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগানৰ সুবিধা প্ৰদান কৰা হব।

    চাহ বাগিচা নিৰ্বাচনৰ অৰ্হতাঃ

    চাহ বাগিচাৰ নিৰ্বাচনৰ বাবে অৰ্হতাসমূহ তলত উল্লেখ কৰা ধৰণৰঃ
    ১) এই আঁচনিৰ অন্তৰ্ভূক্ত হবলৈ হলে এখন চাহ বাগিচাৰ ভিতৰত অতি কমেও ১০০ টা পৰিয়াল থাকিব লাগিব।
    ২) চাহ জনজাতিৰ অধিকাৰৰ ভিত্তিত খোৱা পানী পৰ্যন্ত যোগান ধৰিব নোৱাৰা আৰ্থিকভাৱে একেবাৰে দূৰ্বল বাগিচাক অগ্ৰাধিকাৰ দিয়া হব।

    ৰূপায়ন

    অসম জনস্বাস্থ্য বিভাগৰ দ্বাৰা গঠন কৰি দিয়া ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিতিৰ দ্বাৰা চাহ বাগিচাসমূহ নিৰ্বাচন কৰা হব। বাগিচা কৰ্তৃপক্ষৰ ফালৰ পৰা অধিকাৰৰ ভিত্তিত এই আঁচনিৰ ৰূপায়নৰ বাবে NOC প্ৰদান কৰিব লাগিব।তদুপৰি এই আঁচনি লাভ কৰাৰ পিছত আঁচনিখনৰ চোৱাচিতা আৰু তাৰ বাস্তৱিক ৰূপায়ণৰ বাবে বাগিচা কৰ্তৃপক্ষৰ সন্মতিৰ প্ৰয়োজন হব।

    জনস্বাস্থ্য বিভাগে লক্ষ্যৰ আওঁতাত থকা বাগিচাসমূহৰ বাবে এই আঁচনিৰ পৰিকল্পনা আৰু বাজেট নিৰ্ধাৰণ কৰিব। চৰকাৰৰ ফালৰ পৰা অনুমোদন পোৱাৰ পিছতেই বিভাগে ইয়াৰ ৰূপায়নৰ সকলো বিধিসন্মত ব্যৱস্থা গ্ৰহণ কৰিব।

    আঁচনিৰ পৰ্যবেক্ষণ আৰু অগ্ৰগতিৰ খতিয়ানঃ

    এই আঁচনিৰ পৰ্যবেক্ষণ আৰু অগ্ৰগতিৰ তদাৰক উপায়ুক্তি/অতিৰিক্ত উপায়ুক্ত আৰু SDWO ৰ দ্বাৰা জিলাভিত্তিক ভাৱে সম্পাদন কৰা হব। জনস্বাস্থ্য বিভাগে নিয়মীয়াকৈ সঞ্চালকালয়লৈ কামৰ অগ্ৰগতিৰ খতিয়ান দাখিল কৰিব লাগিব।

    নথি-পত্ৰৰ চোৱাচিতা আৰু কাৰ্যকৰীকৰণঃ

    ৰূপায়নৰ সময়ত আঁচনিখনৰ সমস্ত নথি-পত্ৰৰ চোৱাচিতা কৰাৰ দায়িত্ব  জনস্বাস্থ্য বিভাগৰ।APR সহ সম্পূৰ্ণ নথি পত্ৰ চোৱাৰ লগতে এই আঁচনিৰ ৰূপায়ন প্ৰক্ৰিয়াও জনস্বাস্থ্য বিভাগৰ দ্বাৰা তদাৰক কৰা হব আৰু আঁচনিৰ সদ্ব্যৱহাৰ প্ৰমাণ পত্ৰ আঁচনিখন শেষ হোৱাৰ পিছত সঞ্চালকালয়লৈ বিত্তীয় বৰ্ষৰ শেষত দাখিল কৰিব লাগিব।

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা বাৰ্ষিক ভিত্তিতনিয়মীয়াকৈ লেখা পৰীক্ষা কৰা হব যাৰ দ্বাৰা চাহ জনজাতি বিভাগে নিশ্চিত কৰিব যে সময়ে সময়ে চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালৰ একাইন্টৰ AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা কৰি থকা হৈছে।

    কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ দাখিল

    সঞ্চালকালয়ে কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ সময়মতে চৰকাৰক দাখিল কৰিব।

    নিৰ্ধাৰিত সময়ৰ সামৰণিঃ

    প্ৰতিটো বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ