মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

গু‌ৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত চাহ জনজাতিৰ লোকৰ ৰোগীৰ অতিথিশালা

  • উদ্দেশ্য

    এই আঁচনিৰ মূল উদ্দেশ্য হৈছে দুখীয়া চাহ জনজাতিৰ লোকসকল যিয়ে গু‌ৱাহাটীলৈ ৰোগীৰ চিকিৎসাৰ বাবে যায়, তেওঁলোকক চিকিৎসাৰ সময়খিনিত থকাৰ সুবিধা প্ৰদান কৰা ।

    পাৰ্থি‌ৱ লক্ষ্য :

    গু‌ৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ৰ চৌহদত এটি ১০০ খন বিচনাযুক্ত ৰোগীৰ অতিথিশালা স্থাপন কৰা ।

    ৰূপায়ন কৰা এজেন্সীৰ নাম

    Assam State Housing Board /Assam Public Works Department (Building)/APWD (B)ৰ সহযোগত চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতিৰ সঞ্চালকালয় ।

    ৰূপায়নৰ পদ্ধতি

    ৰোগীৰ অতিথিশালাটো সকলোধৰণৰ বিত্তীয় আৰু প্ৰশাসনীয় আনুষ্ঠানিকতা ৰক্ষা কৰি নিৰ্মাণ কৰা হ'ব ।

    আঁচনিখনৰ চো‌ৱা-চিতা

    অতিথিশালাৰ নিৰ্মাণৰ কাম-কাজ সঞ্চালকালয়ে চো‌ৱা-চিতা কৰিব ।

    তথ্য-পাতিৰ সংৰক্ষণ আৰু চো‌ৱা-চিতা

    সঞ্চালকে আঁচনিখনৰ APRৰ সৈতে উচিত নথি-পত্ৰ সংৰক্ষণ কৰিব আৰু সেইখিনি বিভাগলৈ প্ৰেৰণ কৰিব।

    উন্নয়নৰ প্ৰতিবেদন দাখিল

    উন্নয়নৰ প্ৰতিবেদন সঞ্চালকে চৰকাৰক জমা দিব ।

    খৰছৰ প্ৰমাণ-পত্ৰ দাখিল

    খৰছৰ প্ৰমাণ-পত্ৰ সঞ্চালকে চৰকাৰক সময়মতে জমা দিব।

    AG (Audit), Assamৰ দ্বাৰা খৰছৰ নিৰীক্ষণ

    AG (Audit), Assamৰ দ্বাৰা খৰছৰ বাধ্যতামূলক নিৰীক্ষণ বছেৰেকীয়া হিচাপত কৰা হয় যাৰ বাবে চাহ জনজাতি কল্যাণ বিভাগে সঞ্চালক, চাহ জনজাতি আৰু প্ৰাক্তন জনজাতিৰ কল্যাণ পৰিষদ,অসমৰ একাউন্টসমূহ সময়মতে নিৰীক্ষণ কৰাটো নিশ্চিতকৰণ কৰে ।

    সম্পূৰ্ণতাৰ নিৰ্ধাৰিত সময়-সূচী

    প্ৰতি বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ