মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

সাংস্কৃতিক অনুষ্ঠান আৰু কাৰ্যাৱলী প্ৰচাৰৰ বাবে অনুদান

  • লক্ষ্যঃ

    এই আঁচনিৰ মূল উদ্দেশ্য হৈছে চাহ জনজাতীয় ছাত্ৰ-ছাত্ৰীক বিভিন্ন সাংস্কৃতিক প্ৰশিক্ষণ আৰু অনুষ্ঠানৰ আয়োজন কৰি সাংস্কৃতিক দিশত আগুৱাই যাবলৈ উদগনি যোগোৱাৰ লগতে বিভাগীত নিৰ্দেশনা অনুযায়ী মহকুমা,জিলা আৰু ৰাজ্যিক প্ৰৰ্যায়ত চাহ জনজাতীয় কৃষ্টি-সংস্কৃতিকলৈ কৰ্মশালাৰ আয়োজন কৰা। এই সাংস্কৃতিক অনুষ্ঠান সমূহৰ মূল উদ্দেশ্য হৈছে চাহ জনজাতীয় সাংস্কৃতিক পৰিচয় ৰক্ষা কৰাৰ লগতে আন জনগোষ্ঠিৰ সৈতে সংস্কৃতিৰ আদান প্ৰদান কৰা।

    বৈশিষ্ট

    • সাংস্কৃতিক অনুষ্ঠানৰ বাবে অনুদান আদিৰ দৰে বিত্তিয় সহযোগীতা লাভ কৰা।
    • চাহ জনজাতিৰ সাংস্কৃতিক বিনিময়, মহোত্সৱ,কৰ্মশালা আৰু আন আন অনুষ্ঠানৰ আয়োজন কৰা।
    • চাহ জনজাতীয় সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যিক সাংস্কৃতিক বঁটা প্ৰদান কৰা হয়।

    পাৰ্থি‌ৱ লক্ষ্যঃ

    পাৰ্থি‌ৱ লক্ষ্য নিৰ্ধাৰিত বিত্তীয় বৰ্ষৰ বাবে ধাৰ্য কৰা ধন, পৰিকল্পনা কৰা সাংস্কৃতিক কাৰ্যসূচী, তেনে সাংস্কৃতিক কৰ্মৰ বাবে আবেদন কৰা অনুষ্ঠানৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু মূল সিদ্ধান্ত ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা কমিতিয়ে গ্ৰহণ কৰিব।

    ৰূপায়নৰ এজেন্সীৰ নাম

    চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়

    সাংস্কৃতিক অনুষ্ঠান নিৰ্বাচনৰ অৰ্হতা

    ক)তলত উল্লেখ কৰা ধৰণৰে মহকুমা পৰ্যায়ৰ নিৰ্বাচন কমিতিয়েসাংস্কৃতিক অনুষ্ঠানএকোটা নিৰ্বাচন কৰিবঃ

    • পঞ্জীয়ন থকা সাংস্কৃতিক অনুষ্ঠানেহে চাহ জনজাতি লোকৰ সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰা ৰক্ষা কৰা, আৰু বিভিন্ন চাহজনজাতীয় উত্সৱ পাৰ্বন আদি আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানক সাহাৰ্য প্ৰদান কৰা হব।
    • মহকুমা পৰ্যায়ৰ হিতাধিকাৰী নিৰ্বাচন কমিতিৰ যোগেদি সাংস্কৃতিক অনুষ্ঠানসমূহে আবেদন কৰিব পাৰিব যি কমিতিয়ে উক্ত সাংস্কৃতিক অনুষ্ঠানবোৰৰ নিৰ্বাচন কৰিব আৰু তালিকাখন সঞ্চালকলৈ প্ৰেৰণ কৰিব।
    • সঞ্চালকালয়ে তালিকাখন পুণৰ বিবেচনা কৰে আৰু ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ চেয়াৰমেনৰ ওচৰলৈ অনুমোদনৰ বাবে পথাব আৰু যোগ্য অনুষ্ঠানক পোনপতীয়াভা‌ৱে ই-ট্ৰান্সফাৰৰ দ্বাৰা বেংক একাউন্টত আৰ্থিক সাহাৰ্য প্ৰদান কৰা হব।
     

    খ)ৰাজ্যিক বা জিলা পৰ্যায়ৰ চাহ জনজাতিৰ সাংস্কৃতিক বিনিময়, মহোত্সৱ,কৰ্মশালা আৰু আন আন অনুষ্ঠানৰ আয়োজন কৰাৰ সিদ্ধান্ত ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা কমিতিৰ অনুমোদন অনুসৰি NIT প্ৰক্ৰিয়া, জিলা উপায়ুক্ত নাইবা মহকুমা পৰ্যায়ৰ নিৰ্বাচন কমিতিয়ে গ্ৰহণ কৰে।

    ৰূপায়নঃ

    মহকুমা পৰ্যায়ৰ হিতাধিকাৰী নিৰ্বাচন কমিতিৰ দ্বাৰা মহকুমা ভিত্তিত অনুষ্ঠানসমূহ নিৰ্বাচন কৰি তালিক প্ৰস্তুত কৰিব আৰু উক্ত তালিকাখন কমিতিয়ে সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব। সঞ্চালকালয়ে তালিকাখন পুণৰ বিবেচনা কৰে আৰু ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ চেয়াৰমেনৰ ওচৰলৈ অনুমোদনৰ বাবে পঠিয়াব আৰু যোগ্য অনুষ্ঠানক পোনপতীয়াভা‌ৱে ই-ট্ৰান্সফাৰৰ দ্বাৰা বেংক একাউন্টত আৰ্থিক সাহাৰ্য প্ৰদান কৰা হব ।

    অনুদান আদায়ৰ প্ৰক্ৰিয়া

    অনুদান পোনপতীয়াভা‌ৱে ই-ট্ৰান্সফাৰৰ দ্বাৰা বেংক একাউন্টত আৰ্থিক সাহাৰ্য প্ৰদান কৰা হব ।

    আঁচনিৰ তদাৰকীকৰণঃ

    এই আঁচনিৰ পৰ্যবেক্ষণ আৰু অগ্ৰগতিৰ তদাৰক মহকুমাৰ সহযোগত ৰাজ্যিক পৰ্যায়ত সঞ্চালকায়ৰ ফালৰ পৰা কৰা হব।

    নথি-পত্ৰৰ চোৱাচিতা আৰু তদাৰকীকৰণঃ

    সঞ্চালকে সম্পূৰ্ণ আঁচনিখনৰ নথি পত্ৰ চোৱাচিতা আৰু তদাৰক কৰিব।

    সঞ্চালকে APR সহ সম্পূৰ্ণ নথি পত্ৰ চোৱাচিতা কৰিব আৰু সময়মতে চৰকাৰক খতিয়ান দাখিল কৰিব।

    অগ্ৰগতিৰ খতিয়ান দাখিল

    সঞ্চালকে অগ্ৰগতিৰ খতিয়ানচৰকাৰক দাখিল কৰিব।

    কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ দাখিল

    সঞ্চালকালয়ে কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ সময়মতে চৰকাৰক দাখিল কৰিব।

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা বাৰ্ষিক ভিত্তিতনিয়মীয়াকৈ লেখা পৰীক্ষা কৰা হব যাৰ দ্বাৰা চাহ জনজাতি বিভাগে নিশ্চিত কৰিব যে সময়ে সময়ে চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালৰ একাইন্টৰ AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা কৰি থকা হৈছে।

    নিৰ্ধাৰিত সময়ৰ সামৰণিঃ

    প্ৰতিটো বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ