মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহাৰ্য্য

  • "উচ্চশিক্ষাৰ বাবে আৰ্থিক সাহাৰ্য্য" আঁচনিখন ৰূপায়নৰ বাবে নীতি-নিৰ্দেশনা

    1.আঁচনিৰ নামউচ্চশিক্ষাৰ বাবে আৰ্থিক সাহাৰ্য্য
    2.পাৰ্থি‌ৱ লক্ষ্যএই আঁচনিৰ পাৰ্থি‌ৱ লক্ষ্যটো বিত্তীয় সাহাৰ্যৰ বাবে আবেদন কৰা শিক্ষাৰ্থীৰ তালিকা আৰু SDWOৰ ফালৰপৰা জমা দিয়া প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰে ।
    3.আঁচনিখনৰ উদ্দেশ্যএই আঁচনিখনৰ উদ্দেশ্য হৈছে চাহ-জনগোষ্ঠীৰ শিক্ষাৰ্থীয়ে দেশৰ ভিতৰতে বা দেশৰ বাহিৰত উচ্চ শিক্ষা যেনে IIT, IT, MBBS, MBA, ইঞ্জিনীয়াৰিং আৰু এনে ধৰণৰ উচ্চ শিক্ষাৰ পাঠ্যক্ৰম যেনে প্ৰশাসন, চিকিৎসাসে‌ৱা, অভিযান্ত্ৰিক, গ‌ৱেষণা আদিত পঢ়া-শুনা কৰিবৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰা ।
    4.ৰূপায়নৰ এজেন্সিচাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়
    5.ৰূপায়নৰ পদ্ধতিচৰকাৰী অনুমোদন পো‌ৱাৰ পাছত সঞ্চালকালয়ে অন্ত:ত দুখন স্থানীয় দৈনিক বাতৰি কাকতত চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰপৰা আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰে । পূৰণ কৰা প্ৰপত্ৰ প্ৰাৰ্থীসকলে নিজৰ নিজৰ SDWOৰ কাৰ্যালয়ত জমা দিব লাগিব ।মহকুমাৰ উপভোক্তা নিৰ্বাচনী সমিতিয়ে প্ৰাৰ্থীসকল নিৰ্বাচিত কৰে আৰু তালিকাখন সঞ্চলকালয়লৈ প্ৰেৰণ কৰে । সঞ্চালকালয়ে তালিকাখন পুণৰ বিবেচনা কৰে আৰু ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ চেয়াৰমেনৰ ওচৰলৈ অনুমোদনৰ বাবে পথায় ।  ইয়াৰ পাছত আৰ্থিক সাহাৰ্য বা জলপানি যোগ্য শিক্ষাৰ্থগৰাকীৰ বেংক একাউন্টত ই-ট্ৰেন্সফাৰ যোগেদি ভৰাই দিয়া হয় ।
    6.প্ৰয়োজনীয় অৰ্হতাউচ্চিশিক্ষাৰ বাবে আৰ্থিক সাহাৰ্য্য পাবৰ বাবে প্ৰয়োজনীয় অৰ্হতা হ’ল-
    • আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব ।
    • তেওঁ অসমৰ স্থায়ী নাগৰিক হ’ব লাগিব। আৰু চাহ জনগোষ্ঠীৰ সদস্য হ’ব লাগিব ।
    • তেওঁ জাতিগত প্ৰমাণপত্ৰ জমা দিব লাগিব । প্ৰমাণপত্ৰ দিওঁতা হৈছে সংশ্লিষ্ট জিলাৰ উপায়ুক্ত আৰু সঞ্চালক, চাহ-জনগোষ্ঠী আৰু প্ৰাক্তন চাহ-জনগোষ্ঠীৰ জনকল্যাণ বিভাগ, অসম হৈছে কাউন্টাৰচাইন কৰা ব্যক্তি ।
    • আবেদনকাৰীয়ে নামভৰ্তিৰ নথি-পত্ৰ দিব লাগিব ।
    • এই আঁচনিৰ অধীনত কে‌ৱল দুখীয়া চাহ-জনগোষ্ঠীৰ শিক্ষাৰ্থীহে যোগ্য। আবেদনকাৰীয়ে অভিভা‌ৱকৰ আয়ৰ প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব ।
    7.আবেদনৰ প্ৰক্ৰিয়াতলৰ বিষয়কেইটা উল্লেখ কৰি নিৰ্ধাৰিত প্ৰপত্ৰৰ যোগেদি আবেদন পত্ৰ সংশ্লিষ্ট মহকুমাৰ কাৰ্যালয়ত দিব লাগিব ।
    ১) আবেদনকাৰীৰ নাম ২) বয়স( চলিত বছৰৰ জানু‌ৱাৰী মাহত) ৩) দেউতাৰাৰ নাম আৰু ঠিকনা ৪) যোগাযোগৰ সম্পূৰ্ণ ঠিকনা ৫) মোবাইল নম্বৰ ৬) উচ্চতৰ মাধ্যমিক বা তাৰ ওপৰৰ পৰীক্ষাত প্ৰাপ্ত নম্বৰৰ শতাংশ ৭) পাঠ্যক্ৰমৰ নাম আৰু কেইবছৰীয়া পাঠ্যক্ৰম পঢ়িছে ৮) পাঠ্যক্ৰমৰ বছৰেকীয়া মাচুল কিমান ৯) দেউতাক/অভিভা‌ৱকৰ বছৰেকীয়া আয় কিমান (প্ৰমাণপত্ৰ গাঁঠি দিব) ১০) যি অনুষ্ঠানত পঢ়ি আছে তাৰ নাম আৰু ঠিকনা ১১) চাহ-জনগোষ্ঠীৰ প্ৰমাণপত্ৰ
    8.নিৰ্বাচন প্ৰক্ৰিয়াস্থানীয় মন্ত্ৰী/বিধায়ক/ উপায়ুক্ত/ মহকুমাধিপতিৰ নেতৃত্বত গঠিত হো‌ৱা মহকুমাৰ উপভোক্তা নিৰ্বাচনী সমিতিয়ে উপযুক্ত প্ৰাৰ্থীসমূহ বাচনী কৰিব আৰু তালিকাখন সঞ্চালকালয়লৈ পঠিয়াব । সমিতিখন চৰকাৰী জাননীযোগে গঠন কৰবা হয় তলত দিয়া ধৰণে-

    1.
    স্থানীয় মন্ত্ৰী/বিধায়ক/ উপায়ুক্ত/ মহকুমাধিপতিৰচেয়াৰমেন
    2.আসনত থকা বিধায়কসদস্য
    3.চাহ বাগিছা অঞ্চলৰ বিশিষ্ট মানুহ ৪/৫ জনসদস্য
    4.শ্ৰমিক সন্থাৰ সভাপতি/সম্পাদকসদস্য
    5.SDWOমেম্বাৰ চেক্ৰেটাৰী
    সঞ্চালকে উপভোক্তাসকলৰ চূড়ান্ত বাছনি কৰোতে SLACৰ চেয়াৰমেনৰ অনুমোদন ল’ব লাগিব ।
    9.আৰ্থিক সাহাৰ্যৰ পৰিমাণউচ্চ শিক্ষাৰ জলপানিৰ নিৰিখ:
    ক- শাখা৩৫০০০/ প্ৰতি বছৰেMBBS, BDS, MAMS, BAMS, BVSc, MVSc, IIT, BE, B.Tech, M.Tech, Architecture বা সমতুল্য
    খ-শাখা৩০০০০/ প্ৰতি বছৰেMBA/BBA, M.Sc (Agri), B.Sc (Agri), B.Sc (Bi-Tech), বা সমতুল্য
    গ-শাখা২৫০০০/ প্ৰতি বছৰেস্নাতকোত্তৰ ডিগ্ৰী যেনে - MA, M.Sc, M.Com, MSW বা সমতুল্য,  LAW, গ‌ৱেষণা আদি
    10.ভগাই দিয়াৰ পদ্ধতিআৰ্থিক সাহায্য যোগ্য ছাত্ৰ-ছাত্ৰীৰ বেংক একাউন্টত ই-ট্ৰেন্সফাৰৰ যোগেদি চিধা ভৰাই দিয়া হয় ।
    11.তথ্যপাতিৰ সংৰক্ষণ আৰু চো‌ৱাচিতাআঁচনিখনৰ ৰূপায়নৰ স‌ৱিশেষ তথ্যপাতি সঞ্চালকালয়ে সুৰক্ষিত কৰি ৰাখিব আৰু ৰূপায়নৰ বিভিন্ন স্তৰ চো‌ৱাচিতা কৰিব । .
    12.ৰূপায়নৰ প্ৰতিবেদন জমা দিয়াসঞ্চালকালয়ে প্ৰতিবেদন চৰকাৰক জমা দিব
    13.খৰছৰ প্ৰমাণপত্ৰ (UC) জমা দিয়াসঞ্চালকালয়ে খৰছৰ হিচাপসমূহ সময়ে সময়ে চৰকাৰক জমা দিব ।
    14.খৰছৰ অ’ডিটবা সম্পূৰ্ণ অনুসন্ধানAG(Audit),অসমৰ ফালৰপৰা বাধ্যতামূলক ভা‌ৱে বছেৰিকীয়া অডিট কৰা হ’ব যাৰ বাবে সঞ্চালকালয়ে সময়ে সময়ে নিৰ্দেশনা দি ইয়াৰ সুনিশ্চিতি প্ৰদান কৰে ।.
    15.সম্পূৰ্ণ কৰাৰ সম্ভা‌ৱ্য সময়সূচীপ্ৰতিটো বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত ।