মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

আমাৰ ইতিহাস

  • অসমত প্ৰায় ১০০০খন চাহ বাগিছা আছে য’ত কৰ্মৰত মূলত উৰিশ্যা, মধ্যপ্ৰদেশ, বিহাৰ, অন্ধ্ৰ প্ৰদেশ আৰু পশ্চিমবংগৰপৰা অহা কৰ্মীসকল বৰ্তমানে অসমতে নিগাজীকৈ থাকিবলৈ ল’লে । তেওঁলোকক মূলত চাহ-জনজাতি বুলিয়েই জনা যায় আৰু এওঁলোকক চৰকাৰে অন্যান্য পিছপৰা জাতি হিচাপে চিহ্নিত কৰিছে । এই খিনি মানুহে অসমৰ মূল জনসংখ্যাৰ এটা শকত পৰিমাণ গঠন কৰাই নহয়, অসমৰ চাহ উৎপাদনৰো ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । (ভাৰতৰ প্ৰায় ৫৩% চাহ উৎপন্ন অসমৰপৰাই হয় ) আৰু এইদৰে অসমৰ অৰ্থনীতিলৈয়ো প্ৰচুৰ অৰিহণা যোগাই আহিছে ।

    এই চাহ জনজাতিৰ লোক অসমৰ প।ৰায় সকলো ঠাইতে বিস্তাৰিত হৈ আছে । অৰ্থনৈতিকভা‌ৱে এওঁলোক যথেষ্ট দুৰ্বল আৰু পঢ়া-শুনাৰ ক্ষেত্ৰতো অতি বেছিকৈয়ে পিছপৰা । অৰ্থনৈতিক সাহাৰ্যৰ ওপৰিও এওঁলোকৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে অসম চৰকাৰৰ ফালৰপৰা কিছু পদক্ষেপ লোএৱা হেছে । অসম চৰকাৰে চাহ জনজাতি কল্যাণ সঞ্চলকালয় ৰ যোগেদি ১৯৮৩-৮৪চনৰে পৰা বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ন কৰি আহিছে ।