মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

গ্ৰন্থ প্ৰকাশ

  • উদ্দেশ্য

    এই আঁচনিৰ মূল উদ্দেশ্য হ'ল চাহ জনজাতি লিখকৰ দ্বাৰা অসমৰ চাহ জনজাতিৰ বৌদ্ধিক বিকাশ আৰু সৃষ্টিশীলতাক উদগনি যোগোৱাৰ মহৎ উদ্দেশ্য আগত ৰাখি গ্ৰন্থ প্ৰকাশ কৰা হ'ব।

    পাৰ্থি‌ৱ লক্ষ্য

    বছেৰেকীয়া বিতৰণৰ ওপৰত নিৰ্ভৰ কৰিব ।

    ৰূপায়নকাৰী এজেন্সীৰ নাম

    চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয় ।

    ৰূপায়ন

    বিশদভা‌ৱে প্ৰচাৰিত কৰা বিজ্ঞাপনৰ যোগেদি সঞ্চলকালয়ে চাহ জনজাতিৰ লেখকৰ পৰা গ্ৰন্থৰ খচৰা (মেনুস্ক্ৰিপ্ত) বিচাৰিব । ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতি(SLAC) য়ে ৰাজ্যখনৰ চাহ বাগিছাৰ বিখ্যাত লেখক তিনিজনক লৈ গঠিত কৰি দিয়া সমিতিখনে এই খচৰাসমূহ নিৰীক্ষণ কৰিব আৰু প্ৰকাশৰ বাবে নিৰ্বাচন কৰিব । এই তিনিজনীয়া সমিতিখনে এই কথাটো নিশ্চিত কৰিব যে নিৰ্বাচিত কিতাপখনে চাহ জনজাতিৰ পৰম্পৰা আৰু মুখ্য সমাজ-জী‌ৱনক প্ৰতিনিধিত্ব কৰে । অৱনশ্যে এই তিনিজন বিচাৰকে স্বৰচিত গ্ৰন্থক এনে নিৰ্বাচনৰ বাবে বাদ দিব লাগিব । সমিতখনৰ প্ৰতিজন সদস্যকে ১০,০০০/- টকাৰ সন্মানীয় পুৰস্কাৰ দিয়া হ'ব । যেতিয়া এখন খচৰা গ্ৰন্থ নিৰ্বাচন কৰা হয় আৰু SLAC য়ে তাৰ অনুমোদন জনায়, তেতিয়া সেই কিতাপখন সঞ্চলকালয়ে প্ৰকাশ কৰে ।

    গ্ৰন্থখনৰ সৰ্বস্বত্ত সংৰক্ষণ সঞ্চলকালয়ৰ হাতত থাকিব । মুঠ প্ৰকাশিত গ্ৰন্থৰ ২৫% ৰয়েল্টি হিচাপে লেখকক দিয়া হ'ব । ইয়াৰ বাহিৰে থকা গ্ৰন্থসমূহ ৰাজ্যখনৰ বিভিন্ন মহকুমা গ্ৰন্থাগাৰ আৰু জুলা গ্ৰন্থাগাৰলৈ পুৰস্কাৰ হিচাপে পঠিওৱান হ'ব ।

    আঁচনিখনৰদ্বাৰা কেনেকৈ লাভান্বিত হ'ব ?

    এই আঁচনিৰ মূল উদ্দেশ্য হ'ল চাহ জনজাতি লিখকৰ দ্বাৰা অসমৰ চাহ জনজাতিৰ বৌদ্ধিক বিকাশ আৰু সৃষ্টিশীলতাক উদগনি যোগোৱাৰ মহৎ উদ্দেশ্য আগত ৰাখি গ্ৰন্থ প্ৰকাশ কৰা হ'ব। এই আঁচনিখনে চাহ জনজাতিৰ সাহিত্যৰ জগতখনলৈ বৰঙণি আগবঢ়াব ।

    আঁচনিখনৰ চো‌ৱা-চিতা

    চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতিৰ কল্যাণ সঞ্চালকালয়ে আঁচনিখনৰ বিকাশ আৰু ৰূপায়নৰ চো‌ৱা-চিতা কৰিব।

    নথিপত্ৰৰ সংৰক্ষণ আৰু চো‌ৱা-চিতা

    ভগাই দিয়া সামগ্ৰীসমূহৰ APRৰ ওপৰত সঞ্চালকে যথোপযুক্ত নথি-পত্ৰ ৰাখিব আৰু সেইখিনি বিভাগক জমা দিব।

    উন্নয়নৰ প্ৰতিবেদন দাখিল

    সঞ্চালকে উন্নয়নৰ প্ৰতিবেদন চৰকাৰক জমা দিব ।

    খৰছৰ প্ৰমাণপত্ৰ দাখিল

    সঞ্চালকালয়ে খৰছৰ হিচাপসমূহ সময়মতে চৰকাৰক জমা দিব ।

    AG (Audit), অসমৰ দ্বাৰা খৰছৰ হিচাপ নিৰীক্ষণ

    AG (Audit), Assamৰ দ্বাৰা খৰছৰ বাধ্যতামূলক নিৰীক্ষণ বছেৰেকীয়া হিচাপত কৰা হয় যাৰ বাবে চাহ জনজাতি কল্যাণ বিভাগে সঞ্চালক, চাহ জনজাতি আৰু প্ৰাক্তন জনজাতিৰ কল্যাণ পৰিষদ,অসমৰ একাউন্টসমূহ সময়মতে নিৰীক্ষণ কৰাটো নিশ্চিতকৰণ কৰে ।

    সম্পূৰ্ণ কৰাৰ সম্ভা‌ৱ্য সময়

    প্ৰতি বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ