মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

ক্ৰীড়া আৰু যু‌ৱ কল্যাণৰ হকে কাম-কাজ

  • উদ্দেশ্য

    এই আঁচনিৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ চাহ জনজাতিৰ লোকৰ মাজত ফুটবলৰ বিকাশৰ বাবে পৃষ্ঠপোষকতা কৰা। এই আঁচনিৰ মূল উদ্দেশ্য হ'ল ৰাজ্যৰ চাহ জনজাতীয় লোকসকলৰ মাজত ফুলবল খেলৰ উন্নয়ন সাধন কৰা।চি.এম কাপ আন্তঃচাহবাগীচা ফুটবল প্ৰতিযোগীতাৰ মূল উদ্দেশ্য হল প্ৰতিভাসম্পন্ন চাহজনজাতীয় খেলুৱৈ সকলক চিনাক্ত কৰি তেওঁলোকক জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় প্ৰৰ্যায়ত উন্নত প্ৰদৰ্শনৰ বাবে সাজু কৰি তোলা।

    ৰূপায়নকাৰী এজেন্সীৰ নাম

    অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৰ‌ৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়।

    চাহ-বাগিছা ফুটবল ক্লা‌ৱ গঠন

    প্ৰতিখন চাহ বাগিছাই একোটিকৈ ফুটবল ক্লা‌ৱ গঠন কৰিব আৰু Societies Registration Actৰ অধীনত দলটিক পঞ্জীয়নভুক্ত কৰিব । আৰু ইয়াৰ পাছত তেওঁলোকে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুn‌ৱ কল্যাণ সঞ্চালকালয়ৰ ওচৰতো পঞ্জীয়ন কৰাব । পঞ্জীয়নভুক্ত ফুটবল ক্লা‌ৱসমূহ TTW বিভাগৰ অন্তৰ্গত অনুদানসমূহ পাবৰ বাবে যোগ্য হ'ব । অনুদানৰ নিৰিখ বাজেটৰ হিচাপমতে হ'ব আৰু SLACৰ অধ্যক্ষৰ অনুমোদন সাপেক্ষে হ'ব ।

    সংকুল আৰু সংকুলৰ দল গঠন

    ১৬-২০ টা সংকুল বনো‌ৱা হয় আৰু প্ৰতিটো সংকুলৰ অন্তৰ্গত আন্ত: বাগিছা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । ইয়াৰ পাছত চাহ বাগিছাৰ পৰ্যায়ৰ খেলু‌ৱৈসকলক লৈ ১৬-২০ টা সংকুল পৰ্যায়ৰ দল গঠন কৰা হয় ।

    সংকুল পৰ্যায়ৰ সমিতি গঠন:

    ১৬-২০ টা সংকুলৰ প্ৰত্যকৰে SLACৰ অধ্যক্ষই মনোনীত কৰা একোজনকৈ বিধায়কে নেতৃত্ব দিয়া একোখনকৈ সংকুল সমিতি থাকিব।

    এই সমিতিখনত সংকুলৰ মুখ্যস্থল অৱতস্থিত হো‌ৱা জিলাখনৰ উপায়ুক্ত সমিতিখনৰ আহ্বায়ক(কনভেনৰ) হ'ব আৰু জিলা ক্ৰীড়া বিষয়া মেম্বাৰ চেক্ৰেটাৰী হ'ব। SLACৰ অধ্যক্ষই অনুমোদন জনো‌ৱা তালিকা মতে সমিতিৰ বাকীসমূহ সদস্য গঠন কৰা হ'ব ।

    দল বাছনি কৰাৰ অৰ্হতা:

    i. প্ৰতিযোগিতাখনি FIFAৰ নীতি-নিয়মমতে অনুষ্ঠিত কৰা হ'ব ।

    ii. মুখ্য মন্ত্ৰীৰ আন্ত: চাহ বাগিছা ফুটবল প্ৰতিযোগিতাখনত যোগদানৰ বাবে ইচ্ছুক চাহ বাগিছা সমূহে তেওঁলোকৰ অংশগ্ৰহণৰ স‌ৱিশেষ সংশ্লিষ্ট সংকুল সমিতিক অৱহগত কৰিব লাগিব ।

    iii. সংকুল সমিতিয়ে প্ৰতিযোগিতাৰ স্থান নিৰ্ণয়, খেলপথাৰ প্ৰস্তুত কৰা আৰু প্ৰতিযোগিতাৰ দলসমূহৰ খেল-সূচী ঠিৰাং কৰা কামখিনি কৰিব ।

    iv. প্ৰতিযোগিতাখনি সুচাৰুৰূপে চলাই নিবৰ বাবে প্ৰতিযোগিতা সমন্বয়ৰক্ষীয়ে সংকুল সমিতিৰ সতে আলচ কৰি ৰেফাৰীৰ নিয়োজন কৰা, প্ৰতিযোগিতাসমূহ পৰিচালনা কৰা আদি সম্বন্ধীয় কাম কাজবোৰ চাব ।

    v. বয়সৰ পৰিসৰ : অসমৰ চাহ জনজাতিৰ অন্তৰ্ভুক্ত ১৭ বছৰ অনুৰ্ধ ফুটবল খেলু‌ৱৈসকল অংশগ্ৰহণৰ বাবে যোগ্য হ'ব । খেলু‌ৱৈসকলে সংকুল সমিতিক তেওঁলোকৰ বয়সৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব ।

    vi. সংকুল দল নিৰ্বাচন: সংকুল ভিত্তিক আন্ত: চাহ বাগিছা প্ৰতিযোগিতাৰপৰা অভিজ্ঞ ব্যক্তিয়ে সংকুল পৰ্যায়ৰ দলৰ বাবে খেলু‌ৱৈ নিৰ্বাচন কৰিব আৰু নিৰ্বাচিত সংকুল পৰ্যায়ৰ দলবোৰে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ ল'ব ।

    vii. অংশগ্ৰহণ কৰা চাহ বাগিছাসমূহৰ দায়িত্ব

    • ১৭ বছৰ অনুৰ্ধ খেলু‌ৱৈসকলক লৈ চাহ বাগিছা সমূহে নিজৰ নিজৰ দল গঠন কৰিব ।
    • দলটিত ১৬জন খেলু‌ৱৈ আৰু ২জন বিশিষ্ট ব্যক্তি থাকিব ।
    • প্ৰয়োজনীয় জাৰ্চী, ফুটবল, বুটজোতা আৰু অন্যান্য সামগ্ৰীসমূহৰ লগতে অহা-যো‌ৱা আৰু খো‌ৱা-বো‌ৱাৰ খৰছ সংশ্লিষ্ট চাহ বাগানসমূহে যোগান ধৰি লাগিব ।
    • সংকুল সমিতিয়ে প্ৰয়োজনীয় গ'ল নেট, ফুটবল, খেলপথাৰৰ মাৰ্কিং, ফ্লেগ, চামিয়ানা, চকী, মেজ, খো‌ৱা পানী, চিকিৎসা ব্য‌ৱস্থা, সুৰক্ষা ব্য‌ৱস্থা, চাউণ্ড চিষ্টেম আদি বাগিছাসমূহৰ লগত আলচ কৰি যোগান ধৰিব লাগিব ।
    • অংশগ্ৰহণকাৰী দলসমূহে খেল আৰম্ভ হোশ‌ৱাৰ অন্ত:ত ১ ঘন্টা আগেয়ে প্ৰতিযোগিতা সমন্বয়ৰক্ষীক লগ ধৰি নিজৰ স্থিতি প্ৰকাশ কৰিব লাগিব ।
    • কোনো ধৰণৰ অশান্তিকৰ পৰিস্থিতিৰ উদ্ভ‌ৱ হ'লে সংকুল ক্ৰীড়া সমিতিৰ সিদ্ধান্তই চূড়ান্ত বুলি গণ্য কৰা হ'ব ।

    ৰূপায়ন

    সূচনা অনুসৰি মুখ্য মন্ত্ৰীৰ আন্ত: চাহ বাগিছা ফুটবল প্ৰতিযোগিতাৰ বাবে সংকুল ক্ৰীড়া সমিতিক গঠন কৰা হয় যাৰ বাবে প্ৰতিযোগিতাসমূহ সংকুল পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ত পতা হ'ব । সংকুল সমিতিয়ে প্ৰতিযোগিতাখনি সংকুল পৰ্যায়ত অংশগ্ৰহণকাৰী চাহ বাগিছাৰ দলসমূহৰ মাজত অনুষ্ঠিত কৰিব । সংকুল পৰ্যায়ত পতা আন্ত: চাহ বাগিছা প্ৰতিযোগিতাসমূহৰ বাবে হো‌ৱা খৰছ-পাতিবোৰ সঞ্চালকালয়ে প্ৰতিখন খেলৰ হিচাপত জিলা উপায়ুক্তৰ যোগেদি প্ৰদান কৰে । এনে খেল একোখন আয়োজন কৰাৰ বাবে যা‌ৱতীয় খৰছৰ আগতীয়া খচৰা (এস্তিমেট) অসম চৰকাৰৰ ক্ৰীয়া আৰু যু‌ৱ কল্যাণ সঞ্চালকালয়ে প্ৰস্তুত কৰিব । সংকুল পৰ্যায়ৰ দলটো পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি প্ৰতিভা‌ৱান খেলু‌ৱৈৰে গঠন কৰা হ'ব আৰু তেওঁলোকে প্ৰতিযোগিতাৰ গাঁঠনি অনুসাৰে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ ল'ব পাৰিব । প্ৰি-কো‌ৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ পৰা ফাইনেল খেল পৰ্যন্ত সুচাৰুৰূপে খেল পৰিচালনা কৰিবৰ বাবে এটি অনুষ্ঠান পৰিচালনা গোটক দায়িত্ব দিয়া হ'ব । এই গোটটো NIT প্ৰক্ৰিয়াৰে সকলো আনুষ্ঠানিকতা পূৰ্ণ কৰি নিৰ্বাচন কৰা হ'ব ।

    আঁচনিখনৰ চো‌ৱা-চিতা

    সঞ্চালকালয়ে আঁচনিখনৰ বিকাশ আৰু ৰূপায়নৰ চো‌ৱা-চিতা কৰিব ।

    নথি-পত্ৰৰ সংৰক্ষণ আৰু চো‌ৱাচিতা

    ভগাই দিয়া সামগ্ৰীসমূহৰ APRৰ ওপৰত সঞ্চালকে যথোপযুক্ত নথি-পত্ৰ ৰাখিব আৰু সেইখিনি সঞ্চালকালয়ক জমা দিব ।

    উন্নয়ণৰ প্ৰতিবেদন দাখিল

    সঞ্চালকে উন্নয়নৰ প্ৰতিবেদন চৰকাৰক জমা দিব।

    খৰছৰ প্ৰমাণপত্ৰ (UC) জমা দিয়া

    সঞ্চালকালয়ে খৰছৰ হিচাপসমূহ সময়মতে চৰকাৰক জমা দিব।

    AG (Audit), Assamৰ দ্বাৰা খৰছৰ নিৰীক্ষণ

    AG (Audit), Assamৰ দ্বাৰা খৰছৰ বাধ্যতামূলক নিৰীক্ষণ বছেৰেকীয়া হিচাপত কৰা হয় যাৰ বাবে চাহ জনজাতি কল্যাণ বিভাগে সঞ্চালক, চাহ জনজাতি আৰু প্ৰাক্তন জনজাতিৰ কল্যাণ পৰিষদ,অসমৰ একাউন্টসমূহ সময়মতে নিৰীক্ষণ কৰাটো নিশ্চিতকৰণ কৰে ।

    সম্পূৰ্ণতাৰ নিৰ্ধাৰিত সময়-সূচী

    প্ৰতি বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ