মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

ASEB ৰ দ্বাৰা চাহ কৰ্মীসকলৰ ঘৰত বৈদ্যতিকৰণ

  • লক্ষ্যঃ

    এই আঁচনিৰ মূল উদ্দেশ্য হল চাহ জনজাতীয় দুখীয়া পৰিয়ালক কম বিজুলী খৰচী এল ই ডি বাল্ব প্ৰদান কৰা।

    পাৰ্থিৱ লক্ষ্যঃ

    প্ৰতিটো হিতাধিকাৰী পৰিয়ালকে ৯ ৱাটৰ ৩ টাকৈ এল ই ডি বাল্ব প্ৰদান কৰা হব। পাৰ্থিৱ লক্ষ্য নিৰ্ভৰ কৰিব এল ই ডি বাল্বৰ বাবে নিৰ্ধাৰণ কৰা খৰচৰ ওপৰত।

    ৰূপায়নৰ এজেন্সীৰ নাম

    চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়

    বস্তুৰ ক্ৰয়

    সকলো ধৰণৰ নীতি-নিয়ম মানি চলি APDCL ৰ দ্বাৰা সামগ্ৰী ক্ৰয় কৰা হব।

    বৈশিষ্ট

    এল ই ডি বাল্বৰ বাবে নিৰ্ধাৰণ কৰা হৈছে-

    ৯ ৱাট

    উপভোক্তা নিৰ্বাচনৰ বাবে অৰ্হতা:

    উপভোক্তা নিৰ্বাচনৰ বাবে তলৰ যোগ্যতাসমূহ ধাৰ্য কৰা হৈছে –

    • অসমৰ নাগৰিক হ'ব লাগিব।
    • TGL জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰিলে কে‌ৱল চাহ জনজাতি আৰু প্ৰাক্তন জনজাতিৰ পৰিয়ালকহে সামৰি লো‌ৱা হ'ব ।
    • উপভোক্তা নিৰ্বাচনত বিধ‌ৱা বা নাৰী পৰিচালিত পৰিয়ালক, বা দিব্যাংগসকল বা অতি দুখীয়া লোককহে বাকী সকলৰ তুলনাত ক্ষেত্ৰত প্ৰাধান্য দিয়া হ'ব।

    ৰূপায়ন

    APDCLৰ যোগেদি কাৰ্যকৰী কৰা হ'ব । মহকুমাবোৰত চাহ জনজাতিৰ জনসংখ্যাৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি LED বাল্বসমূহৰ বিতৰণ ৪৬টা মহকুমাত কৰা হ'ব । মহকুমাৰ উপভোক্তা নিৰ্বাচন সমিতিয়ে চাহ বাগিছা কৰ্তৃপক্ষৰ লগত আলোচনা কৰি উপভোক্তাসমূহ চিনাক্ত কৰিব আৰু তালিকাখন সঞ্চলকালয়লৈ প্ৰেৰণ কৰিব ।

    হিতাধিকাৰী নিৰ্বাচনঃ

    মহকুমা উপভোক্তা নিৰ্বাচনী সমিতিয়ে হিতাধিকাৰী নিৰ্বাচিত কৰিব আৰু তালিকাখন সঞ্চলকালয়লৈ প্ৰেৰণ কৰে । সঞ্চালকালয়ে তালিকাখন পুণৰ বিবেচনা কৰে আৰু ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ চেয়াৰমেনৰ ওচৰলৈ অনুমোদনৰ বাবে পথায় ।

    বিতৰণ প্ৰক্ৰিয়াঃ

    LED বাল্বসমূহৰ আৰম্বপূৰ্ণ অনুষ্ঠানৰ মাজেৰে হিতাধিকাৰীয়ে লাভ কৰিব ।

    আঁচনিৰ তদাৰকীকৰণঃ

    এই আঁচনিৰ পৰ্যবেক্ষণ আৰু অগ্ৰগতিৰ তদাৰক উপায়ুক্তিৰ দ্বাৰা জিলাভিত্তিত আৰু মহকুমা ভিত্তিত কৰা হব।

    নথি-পত্ৰৰ চোৱাচিতা আৰু তদাৰকীকৰণঃ

    সঞ্চালকে সামগ্ৰীৰAPR সহ সম্পূৰ্ণ নথি পত্ৰ চোৱাচিতা কৰিব।

    অগ্ৰগতিৰ খতিয়ান দাখিল

    সঞ্চালকে অগ্ৰগতিৰ খতিয়ানচৰকাৰক দাখিল কৰিব।

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা বাৰ্ষিক ভিত্তিতনিয়মীয়াকৈ লেখা পৰীক্ষা কৰা হব যাৰ দ্বাৰা চাহ জনজাতি বিভাগে নিশ্চিত কৰিব যে সময়ে সময়ে চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালৰ একাইন্টৰ AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা কৰি থকা হৈছে।

    কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ দাখিল

    সঞ্চালকালয়ে কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ সময়মতে চৰকাৰক দাখিল কৰিব।

    নিৰ্ধাৰিত সময়ৰ সামৰণিঃ

    প্ৰতিটো বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ