মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

আৰ্থিক সাহাৰ্য

  • প্ৰাক-মেট্ৰিক আৰু পোষ্ট –মেট্ৰিক জলপানি

    প্ৰাক মেট্ৰিক জলপানি দিয়া হয় প্ৰথম শ্ৰেণীৰপৰা দশম শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলক আৰু পোষ্ট-মেট্ৰিক জলপানি দিয়া হয় দশম শ্ৰেনী উত্তীৰ্ণ হো‌ৱাৰ পাছত যিসকল শিক্ষাৰ্থীয়ে কলেজ আৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকে তেওঁলোকক ।

    পাঠ্যপুথি আৰু বিদ্যালয়ৰ য়ুনিফৰ্ম কিনাৰ বাবে অনুদান

    পাঠ্যপুথি য়ুনিফৰ্ম কিনিবৰ বাবে চাহ জনাজাতিৰ দুখীয়া ল’ৰা-ছো‌ৱালীক ৫০০ টকাকৈ দিয়া হয় ।

    উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহাৰ্য:

    উচ্চ শিক্ষাৰ বা কিছুমান পৰীক্ষা যেনে IAS, ACS, IIT, MBA, MBBS, BDS, অভিযান্তিক , Law, বা গ‌ৱেষণা আদিকে সামৰি (দেশ বা বিদেশত )এইবোৰৰ প্ৰস্তুতিৰ বাবে  আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ।

    ল’ৰা আৰু ছো‌ৱালিৰ বাবে বাইচাইকেল

    বিদ্যালয়লৈ অহা-যো‌ৱা কৰিবৰ বাবে দুখীয়া চাহ জনজাতিৰ ল’ৰা আৰু ছো‌ৱালিক অষ্টম শ্ৰেণীৰ পৰা বাইচাইকেলৰ যোগান ধৰা হয় ।

    চাহ জনজাতি কল্যাণ বিভাগৰ অন্তৰ্গত GNM, ANM, পেৰা মেডিকেল বা তেনে পাঠ্যক্ৰমৰ বাবে আৰ্থিক সাহাৰ্য

    বিখ্যাত অনুষ্ঠানত  ANM, GNM, BSc Nursing, MSc Nursing আৰু অন্য পেৰা মেডিকেল পাঠ্যক্ৰমৰ প্ৰশিক্ষণ লৈ থকা চাহ জনজাতিৰ ল’ৰাছো‌ৱালীক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ।
    গু‌ৱাহাটীস্থিত ইন্টিটিউট অ‌ৱ কম্পিউটাৰ একাউন্টেন্টত কম্পিউটাৰ একাউন্টেন্ট আৰু নগা‌ৱঁৰ চামগুৰিস্থিত ফুড ক্ৰাফ্ট ইন্সটিটিউটৰ পৰা নিশ্চিত মকৰলৰ সুবিধা থকা প্ৰশিক্ষণ ল’লেও অনুদান দিয়া হয় । মহিলাৰ বাবে স্পা আৰু কেশসজ্জা, সৌন্দৰ্য বিশেষজ্ঞৰ পাঠ্যক্ৰম আদি ল’লে অনুদান আগবঢ়‌ো‌ৱা হয় ।

    বিশেষ ৰোগত ভোগা বেমাৰীৰ বাবে অনুদান

    দুৰ্ঘটনাত পতিত বা টিবি, কেন্সাৰ আৰু অন্য বিপজ্জনক বেমাৰত ভোগা চাহ জনজাতিৰ লোকলৈও আৰ্থিক সাহাৰ্য আগবঢ়ো‌ৱা হয় । টিবি ৰোগীৰ বাবে আগবঢ়ো‌ৱা সাহাৰ্যৰ পৰিমাণ হৈছে ৫০০০ৰ পৰা ১০০০০ পৰ্যন্ত আৰু কেন্সাৰ ৰোগত ভোগা লোকৰ বাবে এই পৰিমাণ হৈছে ১০০০০ৰ পৰা ২০০০০ পৰ্যন্ত ।

    চাহ জনজাতি কল্যাণ বিভাগৰ পৰা আয় উপাৰ্জন আঁচনি

    কৃষি, ফল-ফুল, মৎসপালন , পোহনীয়া জী‌ৱ-জন্তু পালন আদিৰ আঁচনি যেনে গাই গৰু, ছাগলী, হাহঁ-কুকুৰা, গাহৰি পোহা  আদি আৰু ক্ষুদ্য ব্য‌ৱসায় যেনে তামোল পানৰ দোকান , গেলামালৰ দোকান, শাক পাছলিৰ দোকান , কাপোৰৰ দোকান, মাছৰ দোকান, দৰ্জীৰ দোকান, থেলা, চাইকেল আদিৰ বাবেও প্ৰতিজন উপভোক্তাক ১০০০০ কৈ দিয়া হয় ।

    যিবোৰ  আত্মসহায়ক গোটে টেন্ট হাউছ, ব্ৰইলাৰ ফাৰ্ম,বিউটি পাৰ্লাৰ , কাটিং নিটিং , চাহ গছৰ নাৰ্ছাৰী, কেঁচুসাৰ উৎপন্নৰ কাম কাজ আদিত জত হয়, সেইবোৰক ৫০০০০/- টকাৰ আৰ্থিক অনুদান দিয়া হয় ।

    ভাড়া-গাড়ী কিনি চলাবৰ বাবেও শিক্ষিত নিবনু‌ৱা যু‌ৱকক আৰ্থিক সাহাৰ্য দিয়া হয় । ইযাৰ বাবে প্ৰতিজন উপভোক্তাক  সৰ্বোচ্চ ২লাখ টকাৰ পৰ্যন্ত ঋণ দিয়া হয় য’ত ৭৫% লৈকে ৰাজসাহাৰ্য পো‌ৱা যায় ।

    চাহ জনজাতিৰ কল্যাণ বিভাগৰ অন্তৰ্গত সাংস্কৃতিক কাৰ্যসূচীৰ পৃষ্ঠপোষকতা

    শৈক্ষিক ভ্ৰমণকে সামৰি সাংস্কৃতিক কাৰ্যসূচীৰ বাবে অনুদান:

    চাহ জনজাতিৰ সাংস্কৃতিক ক্ষেত্ৰৰ উন্নয়ণ আৰু বিকাশ, সাংগিতীক বাদ্যযন্ত্ৰ ক্ৰয় কৰা , সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা, সাংস্কৃতিক বিনিময়, অনুষ্ঠান ভ্ৰমণ আদিৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানক আৰ্থিক সাহায্য প্ৰদান কৰা হয় ।

    সংগ্ৰহালয় তথা সংস্কৃতি-কেন্দ্ৰ স্থাপন: চাহ জনজাতিৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু বিকাশৰ বাবে গু‌ৱাহাটীৰ ৰূপনগৰত এটি পাঁচমহলীয়া RCC বিল্ডিং সজা হৈছে। এটা সভাকক্ষ, জ্যেষ্ঠ নাগৰিক আৰু শিল্পীৰ বাবে থকা ঠাইও এই ঘৰটিত ৰখা হৈছে  ,। এই বিল্ডিঙতে চাহ জনজাতি আৰু প্ৰাক্তণ চাহ জনাজাতিৰ সঞ্চলাকালয়ৰ কাৰ্যলয়ো আছে ।