মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

কেন্সাৰ বা তেনেধৰণৰ ৰোগৰ ৰোগীৰ বাবে অনুদান

  • লক্ষ্যঃ

    এই আঁচনিৰ মূল উদ্দেশ্য হল কৰ্কট, টিবি বা তেনে কোনো ৰোগত আক্ৰান্ত চাহ জনজাতীয় ৰোগীক অতিৰিক্ত সহযোগীতা হিচাপে একক অনুদান আগবঢ়োৱা ।

    পাৰ্থি‌ৱ লক্ষ্যঃ

    এই আঁচনিৰ পাৰ্থি‌ৱ লক্ষ্যটো বিত্তীয় সাহাৰ্যৰ বাবে আবেদন কৰা আবেদনকাৰীৰ যিসকল অৰ্হতা তেওঁলোকৰ ৰোগৰ ভিত্তিত যোগ্য বুলি বিবেচিত হোৱাৰ ওপৰত নিৰ্ভৰ কৰিব ।

    অনুদানৰ হাৰঃ

    অনুদানৰ হাৰ বেলেগ বেলেগ শ্ৰেণীৰ বাবে অধিকাংশতে ১০,০০০ ৰ পৰা ৩০,০০০ লৈ নিৰ্ধাৰণ কৰা হৈছে আৰু বিশেষ ক্ষেত্ৰত ১লাখলৈকে ধাৰ্য কৰা হৈছে।অৱশ্যে সম্পূৰ্ণ শুদ্ধ অনুদানৰ হাৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিতিৰ অধ্যক্ষৰ দ্বাৰা সেই কমিতিৰ আন সদস্যসকলৰ সৈতে আলোচনা মৰ্মে নিৰ্ধাৰণ কৰা হব।

    ৰূপায়নৰ এজেন্সীৰ নাম

    চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়

    বৈশিষ্ট

    টিবি, কেন্সাৰৰ দৰে বেমাৰত ভোগা চাহ জনজাতিৰ ব্যক্তিৰ চিকিৎসাৰ বাবে নিৰ্বাচিত হিতাধিকাৰীয়ে কিছু আৰ্থিক অনুদান লাভ কৰিব।

    State Standing Committee for Plantation Workers য়ে ধ্যাৰ্য্য কৰা ৰোগৰ তালিকাৰ যোগ্যতাৰ বাবে নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰিব।

    হিতাধিকাৰী নিৰ্বাচনৰ অৰ্হতা

    তলত উল্লেখ কৰা ধৰণৰে হিতাধিকাৰী নিৰ্বাচন কৰিবঃ

    ক) হিতাধিকাৰী ভাৰতীয় নাগৰিক হোৱাতো বাঞ্ছনীয়।

    খ) চাহ জনজাতীয় প্ৰাৰ্থীয়েকৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰদান কৰা TGL প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব যিটো অনুদান লাভৰ বাবে অপৰিহাৰ্য হব।

    ঘ)হিতাধিকাৰী এটা পৰায়ালৰ পৰা এজনহে নিৰ্বাচন কৰা হব যাতে অধিক পৰিয়াল এই অনুদানৰ আওতালৈ আহিব পাৰে।

    ঙ)হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত বিধৱা/বয়সস্ত/অবিৱাহিত/শাৰিৰীক ভাৱে বিশেষ সক্ষম/ BPL পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হব।

    চ)ৰোগৰ সৱিশেষ উল্লেখ থকা আৰু চিকিত্সাধিন হৈ থকা পঞ্জীকৃত ডাক্টৰৰ দ্বাৰা প্ৰদান কৰা আৰু কোনো চৰকাৰী হাস্পাতালৰ চিকিত্সা বিষসাৰ দ্বাৰা স্বাক্ষৰিত মেডিকেল প্ৰমাণ পত্ৰ আবেদন প্ৰ-পত্ৰৰ সৈতে গাঁঠি দিব লাগিব।

    ৰূপায়নঃ

    অতি কমেও দুখন স্থানীয় বাতৰি কাকতত আৱেদন প্ৰ-পত্ৰ বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰে । পূৰণ কৰা প্ৰপত্ৰ প্ৰাৰ্থীসকলে নিজৰ বেংক একাউন্টৰ তথ্যসহ নিজৰ নিজৰ SDWOৰ কাৰ্যালয়ত জমা দিব লাগিব । SDWOয়ে সেই আবেদন প্ৰ-পত্ৰ সমূহ ভালদৰে পৰীক্ষাৰ কৰাৰ অন্তত মহকুমাৰ উপভোক্তা নিৰ্বাচনী সমিতিয়ৰ দ্বাৰা এখন তালিকা প্ৰস্তুত কৰে। কমিতিয়ে উক্ত তালিকাখন স্থানীয় চৰকাৰী স্বাস্থ্য কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি চুড়ান্ত কৰিব।এই চুড়ান্ত তালিকাখন সঞ্চালকালয়ৰ নিৰ্ধাৰিত ৰূপত সঞ্চলকলৈ প্ৰেৰণ কৰিব । সঞ্চালকালয়ে তালিকাখন পুণৰ বিবেচনা কৰে আৰু ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ চেয়াৰমেনৰ ওচৰলৈ অনুমোদনৰ বাবে পথায় । যদি কোনো যোগ্য আবেদনকাৰী এই আওতাৰ বহিৰতো থাকে,.তেন্তে তেওঁক পোনপতীয়াভা‌ৱে তেওঁৰ বেংক একাউন্টত আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ।

    আঁচনিৰ পৰ্যবেক্ষণ আৰু অগ্ৰগতিৰ খতিয়ানঃ

    এই আঁচনিৰ পৰ্যবেক্ষণ আৰু অগ্ৰগতিৰ তদাৰক SDWO ৰ সহযোগত চাহ জনজাতি আৰু প্ৰক্তন চাহজনজাতি সঞ্চালকালয়ে চোৱা-চিতা কৰে।

    নথি-পত্ৰৰ চোৱাচিতা আৰু তদাৰকীকৰণঃ

    সঞ্চালকে সম্পূৰ্ণ আঁচনিখনৰ নথি পত্ৰ চোৱাচিতা আৰু তদাৰক কৰিব।

    অগ্ৰগতিৰ খতিয়ান দাখিল

    সঞ্চালকে অগ্ৰগতিৰ খতিয়ানচৰকাৰক দাখিল কৰিব।

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা বাৰ্ষিক ভিত্তিতনিয়মীয়াকৈ লেখা পৰীক্ষা কৰা হব যাৰ দ্বাৰা চাহ জনজাতি বিভাগে নিশ্চিত কৰিব যে সময়ে সময়ে চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালৰ একাইন্টৰ AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা কৰি থকা হৈছে।

    কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ দাখিল

    সঞ্চালকালয়ে কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ সময়মতে চৰকাৰক দাখিল কৰিব।

    নিৰ্ধাৰিত সময়ৰ সামৰণিঃ

    প্ৰতিটো বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ