মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

FOIGSৰ অধীনতপাৱাৰ টিলাৰৰ বিতৰণ

  • লক্ষ্যঃ

    এই আঁচনিৰ মূল উদ্দেশ্য হল চাহ জনজাতীয় কৃষি নিৰ্ভৰ হিতাধিকাৰীক তেওঁলোকৰ পৰিয়ালৰ উপাৰ্জনৰ মান উন্নত কৰিবলৈ বিভিন্ন আত্ম সহায়ক গোটৰ দ্বাৰা বিনামূলীয়া পাৱাৰ টিলাৰ প্ৰদান কৰা হব।

    পাৰ্থিৱ লক্ষ্যঃ

    এই আঁচনিৰ পাৰ্থি‌ৱ লক্ষ্যটো নিৰ্ভৰ কৰিব প্ৰতিখন পাৱাৰ টিলাৰৰ দামৰ ওপৰত যিটো NIT প্ৰক্ৰিয়াৰ নিম্ন বিদাৰৰ বিত্তিত নিৰ্ধাৰণ কৰা হব।

    ৰূপায়নৰ এজেন্সীৰ নাম

    চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়

    বস্তুৰ ক্ৰয়

    সকলো ধৰণৰ নীতি-নিয়ম মানি চলি NIT/ই-টেন্দাৰিঙৰ দ্বাৰা সামগ্ৰী ক্ৰয় কৰা হব। NIT প্ৰক্ৰিয়া বাতৰি কাকতত প্ৰকাশ কৰা হব আৰু ই-টেন্দাৰিং ব্যৱস্থাও ইয়াৰ লগে লগে মুকলি কৰি দিয়া হব। সামগ্ৰীৰ দৰ কিনোতা সমিতিৰ দ্বাৰা চুড়ান্ত কৰা হব।

    অৰ্হতাঃ

    • ১০-২০জন সদস্য থকা আত্মসহায়ক গোট সমূহ
    • আত্ম সহায়ক গোট সমূহ জইন্ট ছেক্ৰেটাৰীৰ সুবিধা থকাকৈ বেংক একাউন্ট থাকিব লাগিব।
    • দলীয় সদস্যসকলে অতি কমেও ৭ বিঘাকৈ মাটি থকাৰ প্ৰমান পত্ৰ দাখিল কৰিব লাগিব।
    • আত্ম সহায়ক গোট সমূহেপাৱাৰ টিলাৰ পোৱাৰ পৰা অতি কমেও ৫ বছৰলৈ পাৱাৰ টিলাৰ বিক্ৰী কৰিব নোৱাৰাৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিব লাগিব।
    • এই চুক্তিৰ সময়চোৱাত আত্ম সহায়ক গোটৰ কোনো সদস্য সলনি হব নোৱাৰিব ।

    উপভোক্তা নিৰ্বাচনৰ বাবে অৰ্হতা :

    মহকুমাৰ উপভোক্তা নিৰ্বাচন সমিতিয়ে তলৰ অৰ্হতাসমূহৰ ওপৰত ভিত্তিকৰি উপভোক্তা নিৰ্বাচন কৰে:

    • আত্মসহায়ক গোটটোৰ অন্ত:ত ১০-২০ জন সদস্য থাকিব লাগিব ।
    • আত্মসহায়ক গোটবোৰ হয় মহিলাৰ হ'ব লাগিব, নহ'লে পুৰুষৰ হ'ব লাগিব। উভয়ে থকা গোট গ্ৰাহ্য কৰা নহ'ব ।
    • গোটৰ সকলো সদস্য চাহ জনজাতিৰ অন্তৰ্ভুক্ত হ'ব লাগিব ।
    • উপভোক্তাসকলে জিলাৰ উপায়ক্ত বা মহকুমাধিপতি (চিভিল )য়ে চহী কৰা জনজাতিৰ প্ৰমাণপত্ৰ দিব লাগিব ।
    • আবেদনৰ সৈতে গোটৰ প্ৰতিজন সদস্যৰ আলোকচিত্ৰ দিব লাগিব ।
    • ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত মহকুমাৰ জনকল্যাণ বিষয়া আৰু মহকুমাৰ উপভোক্তা নিৰ্বাচন সমিতিৰ অধ্যক্ষৰ সৈতে একেলগে তোলা গোটৰ নিৰ্বাচিত সকলো উপভোক্তাৰে এখন সমূহীয়া আলোকচিত্ৰ জমা দিব লাগিব ।
    • SDWO জনে নিৰ্বাচিত গোটসমূহৰ তালিকাখন সঞ্চালকালয়ৰ কাৰ্যালয়লৈ নিজৰ মন্তব্যৰে সৈতে পঠিয়াব লাগিব ।
    • যিসকল গোটে ইতিমধ্যেই অসমৰ চৰকাৰৰ পৰা অন্য কোনো আঁচনিৰ যোগেদি অথবা এই সঞ্চলাকালয়ৰ যোগেদি পা‌ৱাৰ টিলাৰ আগেয়ে পাইছে , তেওঁলোকক পুণৰাই দিয়া নহ'ব ।

    ৰূপায়নঃ

    সকলো ধৰণৰ নীতি-নিয়ম মানি চলি NIT/ই-টেন্দাৰিঙৰ দ্বাৰা সামগ্ৰী ক্ৰয় কৰা হব। কিনোতা সমিতিয়ে যোগ্য বিডাৰক নিৰ্বাচন কৰিব আৰু অসমৰ ৪৬ টা মহকুমাত পাৱাৰ টিলাৰ যোগানৰ আদেশ দিব। পাৱাৰ টিলাৰ সমূহ ৪৬ টা মহকুমাত চাহ জনজাতি আৰু প্ৰক্তন চাহ জনজাতিৰ জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হব। আত্ম সহায়ক গোটসমূহক মন্ত্ৰী/বিধায়ক আৰু উপায়ুক্তৰ উপস্থিতিত পাৱাৰ টিলাৰ সমূহ প্ৰদান কৰা হব। মহকুমা কল্যাণ বিষয়াৰ দ্বাৰা পাৱাৰ টিলাৰ বিতৰণৰ ফটোগ্ৰাফ সংগ্ৰহ কৰা ব্যৱস্থা কৰা হব।

    আঁচনিৰ পৰ্যবেক্ষণ আৰু অগ্ৰগতিৰ খতিয়ানঃ

    এই আঁচনিৰ পৰ্যবেক্ষণ আৰু অগ্ৰগতিৰ তদাৰক SDWO ৰ সহযোগত চাহ জনজাতি আৰু প্ৰক্তন চাহজনজাতি সঞ্চালকালয়ে চোৱা-চিতা কৰে।

    নথি-পত্ৰৰ চোৱাচিতা আৰু তদাৰকীকৰণঃ

    ARP সহসঞ্চালকে সম্পূৰ্ণ আঁচনিখনৰ নথি পত্ৰ চোৱাচিতা আৰু তদাৰক কৰিব।

    অগ্ৰগতিৰ খতিয়ান দাখিল

    সঞ্চালকে অগ্ৰগতিৰ খতিয়ানচৰকাৰক দাখিল কৰিব।

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা বাৰ্ষিক ভিত্তিতনিয়মীয়াকৈ লেখা পৰীক্ষা কৰা হব যাৰ দ্বাৰা চাহ জনজাতি বিভাগে নিশ্চিত কৰিব যে সময়ে সময়ে চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালৰ একাইন্টৰ AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা কৰি থকা হৈছে।

    কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ দাখিল

    সঞ্চালকালয়ে কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ সময়মতে চৰকাৰক দাখিল কৰিব।

    নিৰ্ধাৰিত সময়ৰ সামৰণিঃ

    প্ৰতিটো বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ