মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

স্বনিয়োজনৰ বাবে আনম প্ৰশিক্ষণ

  • ব্যক্তিগত নিয়োগ(মহিলা সবলিকৰণ)ৰ বাবে আনম/ ছনম আৰু পেৰা মেডিকেল পাঠ্যক্ৰমৰ প্ৰশিক্ষণ আঁচনিৰ ৰূপায়নৰ নীতি-নিৰ্দেশনা

    1. আঁচনিৰ নাম ব্যক্তিগত-নিয়োগ(মহিলাসবলিকৰণ)ৰ বাবে  আনম/ ছনম আৰু পেৰামেডিকেল পাঠ্যক্ৰমৰ প্ৰশিক্ষণ
    2. আঁচনিৰ লক্ষ্য এই আঁচনিৰ মূল লক্ষ্য হৈছেচাহ জনগোষ্ঠীৰ ডেকা-গাভৰুক ব্যক্তিগত নিয়োগ(মহিলা সবলিকৰণ)ৰ বাবে আনম/ ছনম আৰু পেৰা মেডিকেল পাঠ্যক্ৰমৰ বা অন্যান্য নিয়োগ-নিশ্চিতি থকা পাঠ্যক্ৰমৰ প্ৰশিক্ষণদিয়া ।
    3. পাৰ্থি‌ৱ লক্ষ্য পাৰ্থি‌ৱ লক্ষ্যৰ ভিতৰত আছে বিভিন্ন নাৰ্চিং স্কুল বা শিক্ষানুষ্ঠানত স্পোনচৰ হিচাপে দিয়া ছাত্ৰ-ছাত্ৰী আৰু এনে পাঠ্যক্ৰম ইতিমধ্যে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ তালিকা- যিবোৰ মহকুমাৰ উপভোক্তা নিৰ্বাচন সমিতিয়ে সঞ্চালকালয়ৰ কাৰ্যালয়লৈ পঠিয়াইছে । পাঠ্যক্ৰমৰ মাচুল, পাঠদান-মাচুল, থকাৰ মাচুল আদিক সামৰি আৰ্থিক সাহাৰ্য ছাত্ৰ-ছাত্ৰপসকলে পঢ়ি থকা শিক্ষানুষ্ঠানটোৰ বেংক একাউন্টলৈ পঠিও‌ৱা হয় । আৰু অন্য ক্ষেত্ৰত য’ত শিক্ষাৰ্থীসকল উপযোগ্য বুলি নিৰ্ধাৰিত হয়, তেনেস্থলত শিক্ষাৰ্থীৰ বেংক একাউন্টত আৰ্থিক সাহাৰ্য পোনেপোনে ই-ট্ৰেন্সফাৰৰ যোগেদি প্ৰদান কৰা হয় ।
    4. ৰূপায়নৰ এজেন্সীৰ নাম চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়
    5. ৰূপায়নৰ পদ্ধতি ANM/GNB/S.Scনাৰ্চিং আৰু পেৰামেডিকেল কোৰ্চৰ নামভৰ্তিৰ বাবে সঞ্চালকালয়ে অন্ত:ত দুখন স্থানীয় বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰে । পূৰণ কৰা প্ৰপত্ৰ প্ৰাৰ্থীসকলে নিজৰ নিজৰ SDWOৰ কাৰ্যালয়ত জমা দিব লাগিব ।নাৰ্চিং কাউন্সিল অ‌ৱ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি দিয়া নম্বৰৰ সূচাংক অনুসাৰে মহকুমাৰ উপভোক্তা নিৰ্বাচনী সমিতিয়ে মহকুমা অনুসৰি আসনসমূহ প্ৰদান কৰে । যদি কোনো অন্য উপযুক্ত প্ৰাৰ্থীয়ে এই জলপানীৰ বাবে আবেদন কৰে, তেন্তে মহকুমা উপভোক্তা নিৰ্বাচনী সমিতিয়ে প্ৰাৰ্থীসকল নিৰ্বাচিত কৰে আৰু তালিকাখন সঞ্চলকালয়লৈ প্ৰেৰণ কৰে । সঞ্চালকালয়ে তালিকাখন পুণৰ বিবেচনা কৰে আৰু ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ চেয়াৰমেনৰ ওচৰলৈ অনুমোদনৰ বাবে পথায় ।  যদি কোনো যোগ্য আবেদনকাৰী এই আওতাৰ বহিৰতো থাকে,.তেন্তে তেওঁক পোনপতীয়াভা‌ৱে তেওঁৰ বেংক একাউন্টত আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ।
    6. প্ৰয়োজনীয় অৰ্হতা ক) প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ’ব লাগিব ।
    খ)তেওঁ অসমৰ স্থায়ী নাগৰিক হ’ব লাগিব। আৰু চাহ জনগোষ্ঠীৰ সদস্য হ’ব লাগিব ।
    গ) তেওঁ জাতিগত প্ৰমাণপত্ৰ জমা দিব লাগিব । প্ৰমাণপত্ৰ দিওঁতা হৈছে সংশ্লিষ্ট জিলাৰ উপায়ুক্ত আৰু সঞ্চালক, চাহ-জনগোষ্ঠী আৰু প্ৰাক্তন চাহ-জনগোষ্ঠীৰ জনকল্যাণ বিভাগ, অসম হৈছে কাউন্টাৰচাইন কৰা ব্যক্তি ।
    ঘ) ANM পাঠ্যক্ৰমৰ বাবে ন্যুনতম শিক্ষাগত অৰ্হতা হৈছে – উচ্চতৰ মাধ্যমিক (১০+২) বা সমতুল্য বা ইণ্ডিয়ান নাৰ্চিং কাউন্সিলৰ শেহতীয়া নিৰ্দেশনামতে হ’ব ।
    ঙ)GNM পাঠ্যক্ৰমৰ বাবে ন্যুনতম অৰ্হতা হৈছে বিজ্ঞান শাখাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বা সমতুল্য বা ইণ্ডিয়ান নাৰ্চিং কাউন্সিলৰ শেহতীয়া নিৰ্দেশনামতে হ’ব ।
    চ) ইণ্ডিয়ান নাৰ্চিং কাউন্সিলৰ শেহতীয়া নীতি-নিয়ম অনুসাৰি, B.Scনাৰ্চিংআৰু পেৰা-মেডিকেল কোৰ্চৰ বাবে ন্যুনতম শিক্ষাগত অৰ্হতা হৈছে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক (১০+২) অথবা পদাৰ্থবিদ্যা, ৰসায়নবিদ্যা আৰু জী‌ৱবিদ্যা বিষয়ৰে সৈতে সমপৰ্যায়ৰ পাঠ্যক্ৰমত উপৰোক্ত বিষয় তিনিটাত গড় হিচাপে ৪৫% নম্বৰ পাব লাগিব।
    ছ) প্ৰাৰ্থীৰ বয়স: ANMৰ বাবে-  নামভৰ্তি ল’ব খোজা বছৰটোৰ জানু‌ৱাৰী মাহত ১৭-২৭ বছৰ হ’ব লাগিব।
    জ) প্ৰাৰ্থীৰ বয়স:  GNM/B.Sc. নাৰ্চিং আৰু পেৰা-মেডিকেল কোৰ্চৰ বাবে বাবে-  নামভৰ্তি ল’ব খোজা বছৰটোৰ জানু‌ৱাৰী মাহত ১৭-২৯ বছৰ হ’ব লাগিব। অকল মহিলায়েহে আবেদন জনাব পাৰিব।
    ঝ) শাৰিৰীকভা‌ৱে বিকলাংগসকলেও আবেদন জনাব পাৰিব।
    7. নিৰ্বাচনৰ প্ৰক্ৰিয়া ANM/GNB/S.Scনাৰ্চিং আৰু পেৰামেডিকেল কোৰ্চৰ নামভৰ্তিৰ বাবে সঞ্চালকালয়ে অন্ত:ত দুখন স্থানীয় বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰে । পূৰণ কৰা প্ৰপত্ৰ প্ৰাৰ্থীসকলে নিজৰ নিজৰ SDWOৰ কাৰ্যালয়ত জমা দিব লাগিব ।নাৰ্চিং কাউন্সিল অ‌ৱ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি দিয়া নম্বৰৰ সূচাংক অনুসাৰে মহকুমাৰ উপভোক্তা নিৰ্বাচনী সমিতিয়ে মহকুমা অনুসৰি আসনসমূহ প্ৰদান কৰে । যদি কোনো অন্য উপযুক্ত প্ৰাৰ্থীয়ে এই জলপানীৰ বাবে আবেদন কৰে, তেন্তে মহকুমা উপভোক্তা নিৰ্বাচনী সমিতিয়ে প্ৰাৰ্থীসকল নিৰ্বাচিত কৰে আৰু তালিকাখন সঞ্চলকালয়লৈ প্ৰেৰণ কৰে । সঞ্চালকালয়ে তালিকাখন পুণৰ বিবেচনা কৰে আৰু ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ চেয়াৰমেনৰ ওচৰলৈ অনুমোদনৰ বাবে পথায় । 
    8.
    পাঠ্যক্ৰমৰ নাম যিসকলে অন্য নাৰ্চিং অনুষ্ঠানত ইতিমধ্যে প্ৰশিক্ষণ লৈছে তেওঁলোককৈ আগবঢ়ো‌ৱা বিত্তীয় সাহাৰ্যৰ পৰিমাণ স্পোনচোৰ কৰা প্ৰাৰ্থী বা শিক্ষাৰ্থীৰ বাবে নিৰিখ
    ANM  SLACৰ চেয়াৰমেনে নিৰ্ধাৰণ / অনুমোদন কৰা মতে নিৰিখত নীতিমতে আৰু সঞ্চালকালয়ে শিক্ষানুষ্ঠানটোৰ লগত চুক্তিকৰা নিৰিখমতে
    GNM ওপৰৰ সতে একে ওপৰৰ সতে একে
    BSc. নাৰ্চিং আৰু পেৰামেডিকেল কোৰ্চ ওপৰৰ সতে একে ওপৰৰ সতে একে
    9. বিতৰণৰ প্ৰক্ৰিয়া বোণ্ড বা চুক্তি : নিৰ্বাচিত হো‌ৱা শিক্ষাৰ্থীসকলে নামভৰ্তিৰ আগতেই অসম চৰকাৰক ন্যুনতম ৫ বছৰৰ বাবে সে‌ৱা আগবঢ়াব পাৰিব বুলি চুক্তি কৰিব লাগিব ।
    স্পোনচৰ কৰা শিক্ষাৰ্থীসকলক টকা দিয়া প্ৰক্ৰিয়াটো চৰকাৰৰ পৰা টকা লাভ কৰাৰ পাছতহে কৰা হ’ব। যোগ্য শিক্ষাৰ্থীসকলক জলপানী দিয়া কামটো ই-ট্ৰেন্সফাৰৰ যোগেদি কৰা হ’ব ।
    10. ANM/GNM আৰু পেৰা-মেডিকেল কোৰ্চ দিয়া অনুষ্ঠানসমূহ নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়া পাঠ্যক্ৰমসমূহ দিব পৰা অনুষ্ঠান নিৰ্বাচিত কৰিবৰ বাবে সঞ্চালকালয়ে তলত দিয়া চুক্তিসমূহ পূৰ হো‌ৱাকৈ NIT প্ৰকাশৰ যোগেদি নিবিদাৰ আয়োজন কৰে ।
    • শিক্ষানুষ্ঠানটো ইণ্ডিয়া নাৰ্চিং কাউন্সিল, নিউ দিল্লী বা অসম নাৰ্চেচ মিড‌ৱাইবছ এণ্ড হেল্থ ভিজিটৰছ কাউন্সিল অ‌ৱ আচামৰপৰা স্বীকৃতিপ্ৰাপ্ত হ’ব লাগিব আৰু চৰকাৰৰ পৰা দিয়া আপত্তিবিহীন প্ৰমাণপত্ৰ থাকিব লাগিব । 
    • শিক্ষানুষ্ঠানটোৰ অভিভা‌ৱক চিকিৎসালয় থাকিব লাগিব ।
    • শিক্ষানুষ্ঠানটোত যা‌ৱতীয় শিক্ষাৰ সা-সামগ্ৰী, ঘৰ দু‌ৱাৰ থাকিব লাগিব ।
    • শিক্ষাৰ্থীসকলৰ বাবে সুৰক্ষিত আৰু আৰামদায়ক হোষ্টেলৰ সুবিধা থাকিব লাগিব ।
    • শিক্ষানুষ্ঠানটোত বছৰটোত অন্ত:ত ২০টা ANM ৰ আসন খালী থাকিব লাগিব ।
    • নামভৰ্তিৰ বাবে শিক্ষানুষ্ঠানটোত অন্ত:ত ৫ টা GNMৰ আসন চলিত শিক্ষাবৰ্ষৰ বাবে খালী থাকিব লাগিব ।
    • INCৰ নিৰ্দেশনা মতে যথেষ্ট পৰিমাণৰ শিক্ষক শিক্ষানুষ্ঠানটোত থাকিব লাগিব ।
    • পাঠ্যক্ৰমৰ মাচুলৰ স‌ৱিশেষ স্পষ্টভা‌ৱে উল্লেখ থাকিব লাগিব ।
    • ছাত্ৰা‌ৱাস বা ছাত্তীনিবাসৰ মাচুলৰ স‌ৱিশেষ স্পষ্টভা‌ৱে উল্লেখ থাকিব লাগিব ।
    • শিক্ষানুষ্ঠানটোৰ অন্ত: ১ বছৰৰ শিক্ষাৰ ক্ষেত্ৰত অভিজ্ঞতা থাকিব লাগিব আৰু আবেদন পত্ৰত অভিজ্ঞতাৰ স‌ৱিশেষ উল্লেখ থাকিব লাগিব ।
    • নিৰ্বাচিত হো‌ৱাৰ পাছত শিক্ষানুষ্ঠানটো আৰু সঞ্চলকালয়ৰ মাজত এখন চুক্তিপত্ৰ স্বাক্ষৰিত হ’ব ।.
    11. তথ্যপাতিৰ সংৰক্ষণ আৰু চো‌ৱাচিতা আঁচনিখনৰ ৰূপায়নৰ স‌ৱিশেষ তথ্যপাতি সঞ্চালকালয়ে সুৰক্ষিত কৰি ৰাখিব আৰু ৰূপায়নৰ বিভিন্ন স্তৰ চো‌ৱাচিতা কৰিব । .
    12. ৰূপায়নৰ প্ৰতিবেদন জমা দিয়া সঞ্চালকালয়ে প্ৰতিবেদন চৰকাৰক জমা দিব ( সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে তিনিমাহৰ মূৰে মূৰে ছাত্ৰ-ছাত্ৰী,শিক্ষকৰ উপস্থিতি, পাৰদৰ্শিতা, আৰু ৰূপায়নৰ বিভিন্ন প্ৰতিবেদনসমূহ সঞ্চলকালয়লৈ প্ৰেৰণ কৰিব লাগিব ).
    13. খৰছৰ প্ৰমাণপত্ৰ (UC) জমা দিয়া সঞ্চালকালয়ে খৰছৰ হিচাপসমূহ সময়ে সময়ে চৰকাৰক জমা দিব ।
    14. খৰছৰ অ’ডিটবা সম্পূৰ্ণ অনুসন্ধান AG(Audit),অসমৰ ফালৰপৰা বাধ্যতামূলক ভা‌ৱে বছেৰিকীয়া অডিট কৰা হ’ব যাৰ বাবে সঞ্চালকালয়ে সময়ে সময়ে নিৰ্দেশনা দি ইয়াৰ সুনিশ্চিতি প্ৰদান কৰে ।.
    15. সম্পূৰ্ণ কৰাৰ সম্ভা‌ৱ্য সময়সূচী প্ৰতিটো বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত ।