1. | আঁচনিৰ নাম | প্ৰাক-মেট্ৰীক জলপানি |
2. | মুঠ বাজেট | ৫৫০,০০,০০০/- (পাঁচশ পঞ্চাশ লাখ) টকা |
3. | আঁচনিখনৰ উদ্দেশ্য | আঁচনিখনৰ উদ্দেশ্য হৈছে মেট্ৰিক উত্তীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰী যিসকল চাহ-জনগোষ্ঠী সম্প্ৰদায়ৰ আৰু আৰ্থিকভাৱে পিছপৰা, তেওঁলোকক কিছু আৰ্থিক সকাহ দিয়া । |
4. | পাৰ্থিৱ লক্ষ্য | আনুমানিক লক্ষ্য হিচাপে মুঠ ৪০,০০০ জন শিক্ষাৰ্থীক সামৰা হৈছে । তথাপি বাস্তৱিক লক্ষ্যৰ সৱিশেষ মহকুমাৰ কাৰ্যালয়ৰপৰা সকলো আবেদন সঞ্চালকালয়ৰ কাৰ্যালয়ত আহি জমা হোৱাৰ পাছতহে জনা যায় । |
5. | ৰূপায়নৰ এজেন্সীৰ নাম | চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয় |
6. | ৰূপায়নৰ পদ্ধতি | মহকুমা সমাজ-কল্যাণ বিষয়াই (SDWO) শিক্ষাৰ্থীসকলে পঢ়ি থকা শিক্ষানুষ্ঠানৰ নামৰ সৈতে শিক্ষাৰ্থীসকলৰ তালিকা সঞ্চালকালয়ৰ কাৰ্যালয়ত জমা দিব ।বিজ্ঞাপনৰ যোগেদিও আবেদন গ্ৰহণ কৰা হয় । নিৰীক্ষনৰ পাছত জলপানিৰ টকাসমূহ মহকুমা সমাজ-কল্যান বিষয়াৰ যোগেদি বিলাই দিয়া হয় । |
7. | উপভোক্তাৰ নিৰ্বাচন | চাহ জনগোষ্ঠিৰ মহকুমাভিত্তিক সমিতিয়ে উপভোক্তাসমূহ নিৰ্বাচন কৰিব । |
8. | ভগাই দিয়া প্ৰক্ৰিয়া | জলপানিৰ টকাসমূহ শিক্ষাৰ্থীৰ বেংক একাউন্টলৈ এ-ট্ৰেন্সফাৰৰ যোগেদি নতুবা ড্ৰাফ্ট যোগেদি জমা কৰি দিয়া হয় |
9. | তথ্যপাতিৰ সংৰক্ষণ আৰু চোৱাচিতা | আঁচনিখনৰ ৰূপায়নৰ সৱিশেষ তথ্যপাতি সঞ্চালকালয়ে সুৰক্ষিত কৰি ৰাখিব আৰু ৰূপায়নৰ বিভিন্ন স্তৰ চোৱাচিতা কৰিব । . |
10. | ৰূপায়নৰ প্ৰতিবেদন জমা দিয়া | সঞ্চালকালয়ে প্ৰতিবেদন চৰকাৰক জমা দিব |
11. | খৰছৰ প্ৰমাণপত্ৰ (UC) জমা দিয়া | সঞ্চালকালয়ে খৰছৰ হিচাপসমূহ সময়ে সময়ে চৰকাৰক জমা দিব । |
12. | সম্পূৰ্ণ কৰাৰ সম্ভাৱ্য সময়সূচী | মাৰ্চ, ২০১৭ |