কল্যাণ নিধি স্থাপন কৰা
অসম চাহ ৰোপন কৰ্মীৰ কল্যাণ নিধি (সংশোধনী)বিধেয়ক,১৬৫৯বৰ ৩(২) অনুসূচী অনুসৰি তলত দিয়া একাউন্টসমূহ মিলাই এটি ফাণ্ড গঠন কৰা হৈছে:
- গছ ৰোপনৰ ব্যৱস্থাপনাৰ সময়ত কৰ্মীৰ পৰা লোৱা শুল্কসমূহ।
- আদায় নিদিয়া জমা টকা সকলো।
- ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ বা চাহ বিধেয়ক,১৯৫৩ (১৯৫৩ৰ বিধেয়ক-২৯)ৰ অধীনত গঠিত হোৱা চাহ পৰিষদৰ পৰা পোৱা সকলো অনুদান ।
- যিকোনো দান ।
- চেকচন-৮ৰ অধীনত লোৱা যিকোনো ঋণ ।
- কৰ্মচাৰীৰ ভৱিশ্যনিধিত দাবীবিহীনভাৱে থকা বা এনেয়ে পৰি থকা টকা।
- চাহ কৰ্মচাৰী, মালিক আৰু ৰাজ্য চৰকাৰৰ পৰা পোৱা অৰিহণা ।
অসম চাহ-কৰ্মচাৰী কল্যাণ পৰিষদৰ কল্যাণমূখী কাম-কাজ
ATEWB য়ে চাহ কৰ্মীসকলৰ সমাজৰ উন্নয়নৰ হকে হাতত লোৱা পদক্ষেপসমূহ এনে ধৰনৰ:
- A.N.M. আৰু G.N.M. নাৰ্চিং পাঠ্যক্ৰমৰ প্ৰশিক্ষণ ।
- অসম চাহ মজদুৰ ছাত্ৰ-ছাত্ৰীৰ থকা আৱা্স।
- চাহ জনজাতিৰ ৰোগীৰ বাবে বিশ্ৰামগৃহ ।
- চাহ জনজাতিৰ লোকৰ বাবে বিশ্ৰামগৃহ ।
- চাহ জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে আৰ্থিক সকাহ ।
- মেজেঙাত অৱৰস্থিত মহিলা প্ৰশিক্ষণ কেন্দ্ৰত মহিলাসকলক প্ৰশিক্ষণ দিয়া ।
- ৰৰৈয়াস্থিত ঔদ্যোগিক প্ৰশিক্ষন কেন্দ্ৰত প্ৰশিক্ষণ দিয়া।
- চাহ মজদুৰৰ বাবে সাম্প্ৰদায়িক সভাকক্ষ ।
- অসমৰ চাহ জনজাতিৰ শিক্ষাৰ্থীৰ বাবে কিতাপৰ অনুদান ।
- সদৌ অসম ভিত্তিক শৈক্ষিক ভ্ৰমণ ।
- অনুকম্পামূলক অনুদান ।
- শিশুৰ যত্ন লোৱা প্ৰাক-প্ৰাথমিক কেন্দ্ৰ ।
- চিকিৎসাৰ সা-সজুলি যোগান ।
- চকু-চিকিৎসাৰ কেম্প পতা ।
- প্ৰতিভাসন্ধানি পৰীক্ষা তথা টিউটৰিয়েল ক্লাছ ।