মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

কোনে সুবিধা পাব?

"উচ্চ শিক্ষা/এ.এন.এম,জি.এন.এম আৰু পেৰা মে়ডিকেল পাঠ্যক্ৰমৰ সহায়"

আচনিৰ নামআচনি সমূহ হ'লঃ
১) বিত্ত সহায় উচ্চ শিক্ষাৰ বাবে  আৰু 
(২) এ.এন.এম, জি.এন,এম আৰু পেৰা মেডিকেল পাঠ্যক্ৰম আদি। 
অৰ্হতাউচ্চশিক্ষাৰ বাবে বিত্ত সাহাৰ্য্যৰ বাবে অৰ্হতা সমূহ তলত দিয়া হ'লঃ-
·     ভাৰতীয় নাগৰিক হব লাগিব।   
·      অসমৰ স্থায়ী বাসিন্দা আৰু চাহ জমজাতি বা প্ৰাক্তন চাহ জমজাতিৰ হোৱাতো বাধ্যতামূলক। 
·       জাতি প্ৰমাণপত্ৰ থাকিব লাগিব। প্ৰমাণ পত্ৰ অনুমোদন জিলা উপায়ুক্ত আৰু অসম চৰকাৰৰ চাহ উন্নয়নৰ সঞ্চালকে কৰিব লাগিব। 
·      নাম ভৰ্তিৰ ৰচিদ লাগিব। 
প্ৰাৰ্থীসকলে নিজৰ শিক্ষানুস্থাৰ মুৰব্বীৰ জৰিয়তে তচলত দিয়া তথ্য সমুহ জমা দিব লাগিবঃ-
(১)প্ৰাৰ্থীৰ নাম
(২) বয়স(সেই বৰ্ষৰ জানুৱাৰী মাহৰ লৈকে)
(৩)পিতৃৰ নাম আৰু স্থায়ী ঠিকনা
(৪)সম্পুৰ্ণ ডাক ঠিকনা
(৫) টেলিফোন নম্বৰ
(৬) উচ্চ/ উচ্চতৰ আৰু তাৰ ওপৰ পৰীক্ষাৰ নম্বৰ শতাংশ
(৭)পাঠ্যক্ৰমৰ নাম আৰু পাঠ্যক্ৰমৰ সময়সীমা
(৮)বছৰেকীয়া মাচুলৰ পৰিমাণ
(৯) পিতৃ/অভিভাৱকৰ বছৰেকীয়া আয়( আয়ৰ প্ৰমাণ পত্ৰ অনুসৰি)
(১০)শিক্ষা গ্ৰহণ কৰি থকা শিক্ষানুস্থানৰ নাম আৰু ঠিকনা
(১১)জাতি প্ৰমাণ পত্ৰ (টি.জি.এল)
এ.এন.এম/জি.এন.এম,বি.এছ.ছি আৰু এম.এছ.চি নাৰ্চিংৰ অৰ্হতা সমুহ হ'লঃ
·    ভাৰতীয় নাগৰিক হ'ব লাগিব।
·    অসমৰ স্থায়ী বাসিন্দা আৰু চাহ জমজাতি বা প্ৰাক্তন চাহ জমজাতিৰ হোৱাতো বাধ্যতামূলক। 
·    জাতি প্ৰমাণপত্ৰ থাকিব লাগিব। প্ৰমাণ পত্ৰ অনুমোদন জিলা উপায়ুক্ত আৰু অসম চৰকাৰৰ চাহ উন্নয়নৰ সঞ্চালকে কৰিব লাগিব। 
·    এ.এন.এম পাঠ্যক্ৰমৰ বাবে প্ৰাৰ্থী বাচনিৰ নূন্যতম অৰ্হতা উচ্চতৰ মাধ্যমিক(১০+২) বা সমপৰ্যায়ৰ বা ভাৰতীয় নাৰ্চিং কাউঞ্চিলৰ শেহতীয়া নিয়ম অনুসৰি হ'ব। 
·    জি.এনয়এন পাঠ্যক্ৰমৰ বাবে প্ৰাৰ্থী বাচনিৰ নূন্যতম অৰ্হতা উচ্চতৰ মাধ্যমিক(১০+২) বিজ্ঞান শাখা বা সমপৰ্যায়ৰ বা ভাৰতীয় নাৰ্চিং কাউঞ্চিলৰ শেহতীয়া নিয়ম অনুসৰি হ'ব।    
·    বি.এছচি নাৰ্চিংৰ বাবে প্ৰাৰ্থী বাচনি নূন্যতম অৰ্হতা উচ্চতৰ মাধ্যমিক(বিজ্ঞান) (১০+২) পদাৰ্থবিজ্ঞান,ৰসায়ন বিজ্ঞান,জীৱ বিজ্ঞান সহ নূন্যতম ৪৫% নম্বৰ উপৰোক্ত বিষয় সমূহত পোৱাৰ লগতে এচ.টি, এচ.চি,অবিচি,এম.অ.বি.চি প্ৰাৰ্থী ভাৰতীয় নাৰ্চিং কাউঞ্চিলৰ শেহতীয়া নিয়ম অনুসৰি হ'ব।
·    বয়সঃ এ.এন.এম শিক্ষাৰ্থীৰ বয়স নামভৰ্তি হোৱা বছৰৰ জানুৱাৰী মাহলৈকে ১৭-২৪ লৈকে হ'ব লাগিব।উৰ্দ্ধতম সীমা এচ.টি, এচ.চি,অবিচি,এম.অ.বি.চি প্ৰাৰ্থীৰ বাবে ৩ বছৰ ৰেহাই দিয়া হব।
·    বয়সঃ জি.এন.এম/বি.এছচি নাৰ্চিং পাঠ্যক্ৰমৰ শিক্ষাৰ্থীৰ বয়স নামভৰ্তি হোৱা বছৰৰ জানুৱাৰী মাহলৈকে ১৭-২৪ লৈকে হ'ব লাগিব।উদ্ধতম সীমা এচ.টি, এচ.চি,অবিচি,এম.অ.বি.চি প্ৰাৰ্থীৰ বাবে ৫ বছৰ ৰেহাই দিয়া হব।
·    কেৱল মহিলা প্ৰাৰ্থীয়েহে আবেদন কৰিব পাৰিব।
 ·   শাৰীৰিক ভাবে অক্ষম লোকেও আবেদন কৰিব পাৰিব।
বাচনি প্ৰক্ৰিয়ামহকুমা বাচনি সমিতিয়ে প্ৰাৰ্থীৰ তালিকা বাচনি কৰি সঞ্চালকালয়ত জমা দিয়ে। 
সঞ্চালকে ৰাজ্যিক উপদেষ্টা কমিতি (State Level Advisory Committee)লৈ প্ৰেৰণ কৰে য'ত প্ৰাৰ্থীৰ তালিকা চূৰান্ত কৰা হয়।
 মহকুমাৰ পৰা গ্ৰহণ কৰা বাচনি তালিকা অনুমোদনৰ বাবে ৰাজ্যিক উপদেষ্টা কমিতি (State Level Advisory Committee)(SLAC) পঠোৱা হয়।এচ.এল.এ.চি তলত দিয়া সমুহ অৰ্ন্তভুক্ত কৰেঃ

"প্ৰাক-মেট্ৰিক আৰু পষ্ট-মেট্ৰিক জলপানি"

আচনিৰ নামআচনি সমূহ হ'লঃ
(১)প্ৰাক-মেট্ৰিক জলপানি  
(২)  পষ্ট-মেট্ৰিক জলপানি
অৰ্হতাপ্ৰাক-মেট্ৰিক আৰু পষ্ট-মেট্ৰিক জলপানিৰ বাবে অৰ্হতা সমুহ হ'লঃ
·      প্ৰাক-মেট্ৰিক জলপানি ৯ম পৰা ১০ম শ্ৰেণীৰ ছাত্ৰ সকলক প্ৰদান কৰা হয় আৰু পষ্ট-মেট্ৰিক জলপানি ১০ম শ্ৰেণীৰ পিছত কলেজ আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে প্ৰদান কৰা হয়ষ
·      যিসকল ছাত্ৰৰ অভিভাৱকৰ আয় সকলো দিশৰ পৰা ১৫০০০০ টকাত কৈ বছৰি বেচি নহয়(প্ৰাক- মেট্ৰিক বাবে) আৰু ২০০০০০টকা বছৰি(পষ্ট-মেট্ৰিকৰ বাবে)
·      একে অভিভাৱকৰ সকলো সন্তানে যোগ্য হ'ব।
চাহ জনজাতি  প্ৰাৰ্থীসকল যিয়ে মেট্ৰিক বা উচ্চতৰ মাধ্যমিক বা কোনো স্বীকৃৰ্তি প্ৰাপ্ত বিশ্ববিদ্যালয় বা উচ্চতৰ শিক্ষা পৰিষদ পৰা উচ্চ শিক্ষা আহৰণ কৰিছে তেওঁলোক যোগ্য হ'ব।
 
যিকোনো নিৰ্ধাৰিত অভিযান্ত্ৰিক আৰু পাইলত লাইচেঞ্চ পাঠ্যক্ৰমৰ বাহিৰে সকলো ধৰঁণৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পষ্ট-মেট্ৰিক বা পষ্ট-ছেকেন্ডেৰী পাঠ্যক্ৰমৰ বাবে জলপানি উপলব্ধ হব।
·     ছাত্ৰসকলে দুৰ-শিক্ষা পাঠ্যক্ৰমৰ জৰিয়তেও শিক্ষা গ্ৰহণ কৰিব পাৰিব।
·     এই আচনিৰ অধিনত জলপানি লাভ কৰাসকলে অন্য জলপানি লাভ কৰিব নোৱাৰিব।
·   যিসকল ছাত্ৰই যিকোনো প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা প্ৰাক্-পৰীক্ষা কোচিং গ্ৰহণ কৰি আছে তেওঁলোকে চৰকাৰৰ পৰা বৃত্তিয় সহায় লাভ নকৰে ।

"পাৱাৰ টিলাৰ বিতৰণ"

আচনিৰ নামপাৱাৰটিলাৰ সমূহৰ বিতৰণ
উপভোক্তা বাচনিৰ প্ৰক্ৰিয়ামহকুমা উপভোক্তা বাচনি কমিতিয়ে তলত দিয়া প্ৰক্ৰিয়া সমূহৰ জৰিয়তে উপভোক্তা নিৰ্বাচন কৰেঃ-
ক)  ১০-২০জন সদস্য থকা আত্মসহায়ক গোট সমূহ
খ)   আত্মসহায়ক গোট সমূহ পুৰুষ বা মহিলা যিকোনো হব পাৰে; কিন্তু মিশ্ৰিত গোটক যোগ্য বুলি ধৰা নহয়।
গ)   গোটত থকা সকলো সদস্যই চাহ জনজাতিৰ হোৱাতো বাধ্যতামুলক।
ঘ)   উপভোক্তাসকলৰ জাতি প্ৰমাণ পত্ৰসমুহ নিজৰ জিলাৰ উপায়ুক্ত/মহকুমাধিপতি(চি) য়ে বিধিগত ভাবে অনুমোদন কৰা হব লাগিব।
ঙ) আবেদন প্ৰ-পত্ৰৰ সৈতে সকলো সদস্যৰে ফটোগ্ৰাফ দাখিল কৰিব লাগিব।.
চ) মহকুমা কল্যাণ বিষয়া আৰু মহকুমা পৰ্যায়ৰ হিতাধিকাৰী নিৰ্বাচন কমিতিৰ অধ্যক্ষৰ উপস্থিতিত প্ৰতিটো নিৰ্বাচিত আত্ম সহায়ক গোটৰ সদস্য সকলে আবেদন প্ৰ-পত্ৰৰ সৈতে গোট ফটো গাঁঠি দিব লাগিব।
ছ)SDWOয়ে নিৰ্বাচিত আত্ম সহায়ক গোটৰ তালিকা তেওঁলোকৰ প্ৰস্তাবৰ সৈতে সঞ্চালকলৈ প্ৰেৰণ কৰিব ।
জ) যিবোৰ আত্ম সহায়ক গোটে উক্ত সঞ্চালকালয়ৰ ফালৰ পৰা অথবা আন কোনো চৰকাৰী বিভাগৰ ফালৰ পৰা পাৱাৰ টিলাৰ ইতিপূৰ্বে লাভ কৰিছে সেই আত্ম সহায়ক গোটবোৰে এই আঁচনিৰ বাবে মান্যতা নাপাব।

"মহিলা আত্ম সহায়ক গোটলৈ অনুদান"

আঁচনিৰ নামমহিলা আত্ম সহায়ক গোটলৈ অনুদান
হিতাধিকাৰী নিৰ্বাচনৰ বাবে অৰ্হতামহকুমা পৰ্যায়ৰ হিতাধিকাৰী নিৰ্বাচন কমিতিয়ে তলত উল্লেখ কৰা ধৰণৰে আত্ম সহায়ক গোট নিৰ্বাচন কৰিবঃ
ক) আত্ম সহায়ক গোট সমূহ ১০-২০ জন সদস্যৰ দ্বাৰা গঠিত হব লাগিব।
খ) আত্ম সহায়ক গোটৰ প্ৰতিজন সদস্যৰ বয়স ১৮ বছৰৰ পৰা ৫৯ বছৰৰ ভিতৰত হব লাগিব।
আত্ম সহায়ক গোটসমূহ নিজ নিজ উন্নয়ণ খণ্ড আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ অধিনৰ ব্লক মিছন মেনেজমেন্ট(বি.এম.এম.ইউ)ৰ দ্বৰা নথিভুক্ত হব লাগিব।
সকলো সদস্য ভাৰতীয় নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী সদস্য হোৱাতো বাঞ্ছনীয়
সকলো সদস্য চাহ জনজাতি আৰু প্ৰক্তন চাহ জনজাতি হোৱাতো বাঞ্ছনীয়
আবেদন প্ৰ-পত্ৰৰ সৈতে সকলো সদস্যৰে ফটোগ্ৰাফ দাখিল কৰিব লাগিব।
চাহ জনজাতি আৰু প্ৰক্তন চাহ জনজাতি সকলৰ জনসংখ্যাৰ ভিত্তিত অসমৰ সৰ্বমুঠ ৪৬ টা মহকুমাৰ পৰা আত্ম সহায়ক গোটৰ সংখ্যা নিৰ্ধাৰণ কৰা হব।
SDWOয়ে নিৰ্বাচিত আত্ম সহায়ক গোটৰ তালিকা তেওঁলোকৰ প্ৰস্তাবৰ সৈতে সঞ্চালকলৈ প্ৰেৰণ কৰিব ।
আত্ম সহায়ক গোটৰ হিতাধিকাৰী সকলক তেওঁলোকৰ অনুদান DBT পদ্ধতিৰে তেওঁলোকৰ নিজ নিজ বেংক একাউন্টত জমা কৰি দিয়া হব।
আত্ন সহায়ক গোটসমূহ এবাৰ এই আঁচনিৰ অন্তৰ্গত হোৱাৰ পিছত কমেও তিনি বছৰলৈ আন কোনো অনুদানৰ বাবে গ্ৰহণযোগ্য নহব।

"চাহ জনজাতীয় লোকৰ ১৩ শ্বহীদ পৰিয়ালৰ প্ৰতিটো পৰিয়ালৰ বাবে ৫ লাখ টকাকৈ বিত্তীয় সহযোগীতা"

আঁচনিৰ নামচাহ জনজাতীয় লোকৰ ১৩ টা শ্বহীদ পৰিয়ালৰ প্ৰতিটো পৰিয়ালক ৫ লাখ টকাকৈ বিত্তীয় সহযোগীতা
হিতাধিকাৰী নিৰ্বাচনৰ অৰ্হতঅসমৰ চাহ জনজাতিৰ হকে জীৱন বলিদান দিয়া ১৩ টা শ্বহীদ পৰিয়ালৰ প্ৰত্যেককে তেওঁলোকে নিজৰ জাতিৰ হকে আগুৱাই যাবলৈ ৫ লাখকৈ আৰ্থিক সহযোগীতা আগবঢ়োৱা হব।
হিতাধিকাৰী নিৰ্বাচনঅসমৰ চাহ জনজাতিৰ হকে জীৱন বলিদান দিয়া ১৩ টা শ্বহীদ পৰিয়ালৰ প্ৰত্যেককে তেওঁলোকে নিজৰ জাতিৰ হকে আগুৱাই যাবলৈ ৫ লাখকৈ একক আৰ্থিক সহযোগীতা আগবঢ়োৱা হব। সঞ্চালকে ধন আদায় দিয়াৰ আগতে ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিতিৰ অধ্যক্ষৰ পৰা ধনৰাশিৰ অনুমোদন লব।

"চাহ জনজাতীয় লোকৰ শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম লোকৰ বাবে একক অনুদান"

আঁচনিৰ নামচাহ জনজাতীয় লোকৰ শাৰীৰিক ভাৱে বিশেষভাৱে সক্ষম লোকৰ বাবে একক অনুদান
হিতাধিকাৰী নিৰ্বাচনৰ অৰ্হতামহকুমা পৰ্যায়ৰ হিতাধিকাৰী নিৰ্বাচন কমিতিয়ে তলত উল্লেখ কৰা ধৰণৰে হিতাধিকাৰী নিৰ্বাচন কৰিবঃ
ক) শাৰীৰিক ভাৱে বিশেষভাৱে সক্ষম লোকসকল চাহজনজাতীয় হব লাগিব
খ) প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে ভাৰতীয় নাগৰিক হব লাগিব।
গ) তেওঁলোকে অতি কমেও ৪০% শাৰীৰিকভাৱে বিশেষ সক্ষম হোৱাৰ প্ৰমাণ পত্ৰ দিব লাগিব যিটো জিলা সমাজকল্যাণ বিষয়া/জিলা স্বাস্থ্য সেৱাৰ জইন্ট ডাইৰেক্টৰ দ্বাৰা অনুমোদিত হব লাগিব।
ঘ) জিলা উপায়ুক্ত/মহকুমাধিতীৰ দ্বাৰা অনুমোদিত জাতিগত প্ৰমাণ পত্ৰ হিতাধিকাৰীয়ে দাখিল কৰিব লাগিব।
ঙ) আবেদন প্ৰ-পত্ৰৰ সৈতে হিতাধিকাৰীয়ে ফটোগ্ৰাফ দাখিল কৰিব লাগিব
চ) SDWOয়ে শাৰীৰিক ভাৱে বিশেষ সক্ষম লোকৰ তালিকা তেওঁলোকৰ প্ৰস্তাৱসহ সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব লাগিব।
শাৰীৰিক ভাৱে বিশেষ সক্ষম লোকসকলক তেওঁলোকৰ অনুদান DBT পদ্ধতিৰে তেওঁলোকৰ নিজ নিজ বেংক একাউন্টত জমা কৰি দিয়া হব।
শাৰীৰিক ভাৱে বিশেষ সক্ষম লোকসকল এবাৰ এই আঁচনিৰ অন্তৰ্গত হোৱাৰ পিছত পুনৰ অনুদানৰ বাবে গ্ৰহণযোগ্য নহব।

"উচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণ"

আঁচনিৰ নামউচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণ
হিতাধিকাৰী নিৰ্বাচনৰ অৰ্হতাতলত উল্লেখ কৰা ধৰণৰে হিতাধিকাৰী নিৰ্বাচন কৰিবঃ
ক) হিতাদিকাৰী ভাৰতীয় নাগৰিক হোৱাতো বাঞ্ছনীয়।
খ) প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে চাহজনজাতীয় হব লাগিব।
গ) প্ৰাৰ্থীৰ জনজাতীয় প্ৰমাণ পত্ৰ থাকিব লাগিব আৰু সেই প্ৰমাণ পত্ৰ নিজ নিজ জিলাৰ উপায়ুক্ত/মহকুমাধিপতিৰ দ্বাৰা প্ৰদান কৰা হব লাগিব।
ঘ)হিতাধিকাৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।
ঙ)প্ৰাৰ্থীয়ে খালী থকা আসনৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা নিম্নতম নম্বৰ লাভ কৰিব লাগিব।
চ)মহিলা প্ৰাৰ্থীৰ বাবে ৩০% আসন সংৰক্ষিত হব।