মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

মূল চিন্তা

অৱলোকনঃ

বহুক্ষেত্ৰিক কৌশল কল্যান আঁচনিৰ অন্তৰ্গত শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আৰু যুব কল্যাণ, সাংস্কৃতি,কৃষি, কৰ্মদক্ষতা, জনস্বাস্থ্য আৰু সমাজ কল্যাণ লগ হৈ বৃহত্তৰ চাহ জনজাতি কল্যাণ বিভাগ গঠিত হৈছে।

শিক্ষাঃ

চাহ জনজাতীয় ছাত্ৰ ছাত্ৰীলৈ আগবঢ়োৱা স্কলাৰশ্বীপ/বিত্তীয় সাহাৰ্য তিনিটা ভাগত বিভক্ত- প্ৰি মেট্ৰিক, পোষ্ট মেট্ৰিক আৰু উচ্চ শিক্ষা যিটো প্ৰতি বছৰে অনুমোদিত হয়। নাৰ্চিং শিক্ষাৰ্থী সকলৰ বাবেও স্কলাৰশ্বীপ/বিত্তীয় সাহাৰ্য অনুমোদিত হয়।প্ৰশাসনিক/বেংকিং আদিৰ বিশেষ প্ৰশিক্ষণ ২০১৭ চনৰ পৰা আগবঢ়োৱা হৈছে।

স্বাস্থ্য

কৰ্কট, টিবি বা তেনে কোনো ৰোগত আক্ৰান্ত চাহ জনজাতীয় ৰোগীক অতিৰিক্ত সহযোগীতা হিচাপে অনুদান আগবঢ়োৱা হয়। ২০১৭ বৰ্ষৰ পৰা গুৱাহাটী মেডিকেল কলেজত চাহ জনজাতীয় ৰোগী সকলৰ বাবে বিশেষ অতিথিশালাৰ নিৰ্মান কৰা হৈছে।

ক্ৰীড়া আৰু যুৱ কল্যাণঃ

মু্খ্যমন্ত্ৰীৰ চাহ জনজাতীয় ফুটবল প্ৰতিযোগীতাৰ সফলতাৰ পিছত উক্ত প্ৰতিযোগীতাখন ৰাজ্যখনৰ বিভিন্ন ফুটবল দলৰ মাজত  বাৰ্ষিক ভিত্তিত আয়োজন কৰিবলৈ যো-জা চলোৱা হৈছে। ৰাজ্যখনৰ বিভিন্ন চাহ জনজাতীয় অঞ্চলৰ পৰা প্ৰতিভাসম্পন্ন খেলুৱৈক উপযুক্ত পৰিৱেশ দিয়াৰ উদ্দেশ্যৰে ৰাজ্যখনত তিনিটা ফুটবল আৰু আৰ্চাৰী একাডেমি স্থাপন কৰাৰো সিদ্ধান্ত লোৱা হৈছে।

কলা-সংস্কৃতিঃ

বিভাগীত নিৰ্দেশনা অনুযায়ী মহকুমা,জিলা আৰু ৰাজ্যিক প্ৰৰ্যায়ত চাহ জনজাতীয় কৃষ্টি-সংস্কৃতিকলৈ কৰ্মশালাৰ আয়োজন কৰা হৈছে। ঝুমুৰক বিষয় হিচাপেলৈ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ২০১৭ বৰ্ষত এখন কৰ্মশালা সফলতাৰে আয়োজন কৰা হৈছে যত ৩০০ শিল্পীয়ে অংশগ্ৰহণ কৰে।

কৃষিঃ

চাহ জনজাতিৰ কৃষিজীৱি লোকসকলে কিছুমান সৰু সৰু গোট হৈ ৰাজ্যত পাৱাৰ টিলাৰৰ সহায়ত কৃষি কৰ্ম সম্পাদন কৰে।

দক্ষতা উন্নয়নঃ

গেটেই ৰাজ্যতে ৫১টা দক্ষতা উন্নয়ন কেন্দ্ৰ আছে য'ত দক্ষতা প্ৰশিক্ষণ দিয়া হয় আৰু বেতন দিয়া হয় আৰু চাহ জনজাতিৰ যুৱক-যুৱতীক স্ব-নিৰ্ভৰশীল হবলৈ প্ৰশিক্ষণ দিয়া হয়। এই কেন্দ্ৰসমূহে চৰকাৰী ব্যক্তিগত অংশীদায়িত্ব(Public Private Partnership) হিচাপে কাম কৰে।

জনস্বাস্থ্যঃ

চাহ জনজাতি মানুহৰ যিবোৰ অঞ্চলত জনস্বাস্থ্য বিভাগ আৰু চাহ বাগান পৰিচালনাই ঢুকি পোৱা নাই সেইবোৰ অঞ্চলৰ ঘৰে ঘৰে  গভীৰ নলী নাদ, তাৰা পাম্প আদিৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগানৰ সুবিধা প্ৰদান কৰা হৈছে ।

সমাজ কল্যাণঃ

চাহ জনজাতিৰ দিব্যাংগসকলক অনুদান দি সহায় ডকৰা হয়। শিশু/মানৱ সৰৱৰাহ/পৰিয়াল পৰিকল্পনা আদিৰ সজাগতা বৃদ্ধিৰ লগতে আইন সজাগতাৰ ও পৰিকল্পনা কৰা হৈছে ২০১৭-১৮ বৰ্ষত।বিভাগৰ দ্বাৰা অসমৰ প্ৰধান প্ৰধান চহৰ সমুহত চাহ জনজাতিৰ লোকসকলৰ বাবে বহু কেইটা ছাত্ৰাবাসৰ ও পৰিচালনা কৰা হৈছে।