মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

অনুদান আৰু কল্যাণ কাৰ্য্যকলাপ
অনুদান আৰু কল্যাণ কাৰ্য্যকলাপবিৱৰণ
শাৰীৰিক ভাৱে বিশেষ সক্ষমসকলৰ বাবেএই আঁচনিৰ মূল উদ্দেশ্য হল শাৰীৰিক ভাৱে বিশেষ সক্ষমসকলক অনুদান প্ৰদানৰ বিত্তীয় সহযোগীতা বৃদ্ধি।
 এই আঁচনিৰ মূল উদ্দেশ্য হল চাহ জনজাতি লোকসকলৰ মাজত শিশু আৰু মানৱ সৰবৰাহ, পৰিয়াল পৰিকল্পনা, আইনী সজাগতা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা যাতে তেওঁলোকৰ মাজত সামাজিক আৰু ব্যৱহাৰিক পৰিৱৰ্তন সম্ভৱ হৈ উঠে।
চি.এম কাপ ফুটবল প্ৰতিযোগীতাএই আঁচনিৰ মূল উদ্দেশ্য হ’ল ৰাজ্যৰ চাহ জনজাতীয় লোকসকলৰ মাজত ফুলবল খেলৰ উন্নয়ন সাধন কৰা।চি.এম কাপ আন্তঃচাহবাগীচা ফুটবল প্ৰতিযোগীতাৰ মূল উদ্দেশ্য হল  প্ৰতিভাসম্পন্ন চাহজনজাতীয় খেলুৱৈ সকলক চিনাক্ত কৰি তেওঁলোকক জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় প্ৰৰ্যায়ত উন্নত প্ৰদৰ্শনৰ বাবে সাজু কৰি তোলা। 
উচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণএই আঁচনিৰ মূল উদ্দেশ্য হল চাহ জনজাতি ছাত্ৰ-ছাত্ৰী সকলক হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ কৰাই তেওঁলোকক মেডিকেল আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পৰাকৈ সাজু কৰি তোলাৰ লগতে প্ৰশাসনীক সেৱাৰ পৰীক্ষাৰ বাবেও উন্নত প্ৰশিক্ষণ প্ৰদান কৰা।
সাংস্কৃতিক অনুষ্ঠানবিভাগীত নিৰ্দেশনা অনুযায়ী মহকুমা,জিলা আৰু ৰাজ্যিক প্ৰৰ্যায়ত চাহ জনজাতীয় কৃষ্টি-সংস্কৃতিকলৈ কৰ্মশালাৰ আয়োজন কৰা।
মহিলা SHG ৰ অনুদানএই আঁচনিৰ মূল উদ্দেশ্য হল চাহজনজাতীয় মহিলাসকলৰ আত্ম সহায়ক গোটৰ যোগেদি ভাৱে অনুদান প্ৰদানৰ বিত্তীয় সহযোগীতা বৃদ্ধি কৰা যাতে তেওঁলোকৰ উপাৰ্জনৰ পথ মুকলি হৈ পৰিয়ালৰ লগতে নিজৰো জীৱনধাৰণৰ মান উন্নত কৰিব পাৰে।
এ.এন.এম আৰু)  উচ্চ শিক্ষাৰ বাবে অনুদানএই আঁচনিৰ  দ্বাৰা চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতিৰ MBBS,MBA,অভিযান্ত্ৰিক বা তেনে কোনো উচ্চ শিক্ষাৰ লাভ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক বিত্তীয় সহযোগীতা আগবঢ়োৱা। তদুপৰি,
এ এন এম/জি এন এম/বি.এছ.চি আৰু এম.এছ.চি নাৰ্চিংৰ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক বিত্তীয় সহযোগীতা প্ৰদান কৰা। ৰাজ্য নাইবা ৰাজ্য/দেৰ বাহিৰতমেডিকেল,আইন, প্ৰশাসনীয় শিক্ষাকে আদি কৰি কাৰিকৰী/উচ্চশিক্ষা অন্তৰ্গত।
প্ৰি-মেট্ৰিক আৰু পোষ্ট-মেট্ৰিক নিৰ্দেশাৱলীএই আঁচনিৰ মূল উদ্দেশ্য হল চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতিৰ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকে প্ৰি-মেট্ৰিক আৰু পোষ্ট-মেট্ৰিক স্কলাৰশ্বীপৰ জড়িয়তে বেতন প্ৰদান কৰা। পোষ্ট মেট্ৰিকোলেচন আৰু পোষ্ট ছেকেণ্ডাৰি পৰ্যায়ত নিৰ্দেশাৱলী অনুযায়ী তেওঁলোকৰ শিক্ষা সামাপ্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা।
বীমা কিস্তি @১২.০০এই আঁচনিৰ মূল উদ্দেশ্য হল অসম চাহ কৰ্মচাৰী ভৱিষ্যনিধিৰ সংস্থাৰ অধিনত থকা ১০ লাখ পঞ্জীভূত কৰ্মীক প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ অধিনত প্ৰতিজনহিতাধিকাৰীৰ বিপৰীতে @১২.০০ কৈ বীমা কিস্তি আদায় দিয়াত বিত্তিয় সহযোগীতা আগবঢ়োৱা ।
  এল ই ডি বাল্বএই আঁচনিৰ মূল উদ্দেশ্য হল চাহ জনজাতীয় দুখীয়া পৰিয়ালক কম বিজুলী খৰচী এল ই ডি বাল্ব প্ৰদান কৰা।
অনানুষ্ঠানিক প্ৰতিষ্ঠানএই আঁচনিৰ মূল উদ্দেশ্য হল চাহ জনজাতীয় লোকৰ সৰ্বস্তৰীয় উন্নয়ণৰ হেতু অনানুষ্ঠানিক প্ৰতিষ্ঠানক জলকল্যাণমুখী কৰ্মত বিত্তিয় সহযোগীতা প্ৰদান কৰা ।
গুৱাহাটী মেডিকেল কলেজ ৰোগীৰ অতিথিশালাএই আঁচনিৰ মূল উদ্দেশ্য হল দুখীয়া চাহ জনজাতীয় ৰোগীয়ে তেওঁলোকৰ চিকিত্সাৰ  বাবে গুৱাহাটীলৈ আহোতে তেওঁলোকৰ থকাৰ সা-সুবিধাৰ ব্যৱস্থা কৰি গুৱাহাটীৰ গুৱাহাটী মেডিকেল কলেজত ৰোগীৰ বাবে বিশেষ অতিথিশালাৰ ব্যৱস্থা কৰা হৈছে।
কৰ্কট আৰু টিবি ৰোগীএই আঁচনিৰ মূল উদ্দেশ্য হল কৰ্কট, টিবি বা তেনে কোনো ৰোগত আক্ৰান্ত চাহ জনজাতীয় ৰোগীক অতিৰিক্ত সহযোগীতা হিচাপে একক অনুদান আগবঢ়োৱা ।
পাৱাৰ টিলাৰএই আঁচনিৰ মূল উদ্দেশ্য হল চাহ জনজাতীয় কৃষি নিৰ্ভৰ হিতাধিকাৰীক তেওঁলোকৰ পৰিয়ালৰ উপাৰ্জনৰ মান উন্নত কৰিবলৈ বিভিন্ন আত্ম সহায়ক গোটৰ দ্বাৰা বিনামূলীয়া পাৱাৰ টিলাৰ প্ৰদান কৰা হব।
গ্ৰন্থৰ প্ৰকাশনএই আঁচনিৰ মূল উদ্দেশ্য হল চাহ জনজাতি লিখকৰ দ্বাৰা অসমৰ চাহ জনজাতিৰ বৌদ্ধিক বিকাশ আৰু সৃষ্টিশীলতাক  উদগনি যোগোৱাৰ মহৎ উদ্দেশ্য আগত ৰাখি গ্ৰন্থ প্ৰকাশ কৰা হব।
গ্ৰাম্য পানী যোগান আঁচনিএই আঁচনিৰ মূল উদ্দেশ্য হল গ্ৰাম্য পানী যোগান আঁচনি অধিনত প্ৰতিজন চাহজনজাতি লোকৰ বাবে তাৰা পাম্প, দমকল, কুঁৱা আদিৰ সহায়ত বিশুদ্ধ খোৱা পানী সহজলব্ধ কৰি তোলা।