মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

পা‌ৱাৰ টিলাৰৰ বাবে আবেদন কৰা

উপভোক্তা নিৰ্বাচনৰ বাবে অৰ্হতা:

মহকুমাৰ উপভোক্তা নিৰ্বাচন সমিতিয়ে তলৰ অৰ্হতাসমূহৰ ওপৰত ভিত্তি কৰি উপভোক্তা নিৰ্বাচন কৰে:

  • আত্মসহায়ক গোটটোৰ অন্ত:ত ১০-২০ জন সদস্য থাকিব লাগিব ।
  • আত্মসহায়ক গোটবোৰ হয় মহিলাৰ হ'ব লাগিব, নহ'লে পুৰুষৰ হ'ব লাগিব। উভয়ে থকা গোট গ্ৰাহ্য কৰা নহ'ব ।
  • গোটৰ সকলো সদস্য চাহ জনজাতিৰ অন্তৰ্ভুক্ত হ'ব লাগিব ।
  • উপভোক্তাসকলে জিলাৰ উপায়ক্ত বা মহকুমাধিপতি (চিভিল )য়ে চহী কৰা জনজাতিৰ প্ৰমাণপত্ৰ দিব লাগিব ।
  • আবেদনৰ সৈতে গোটৰ প্ৰতিজন সদস্যৰ আলোকচিত্ৰ দিব লাগিব ।
  • ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত মহকুমাৰ জনকল্যাণ বিষয়া আৰু মহকুমাৰ উপভোক্তা নিৰ্বাচন সমিতিৰ অধ্যক্ষৰ সৈতে একেলগে তোলা গোটৰ নিৰ্বাচিত সকলো উপভোক্তাৰে এখন সমূহীয়া আলোকচিত্ৰ জমা দিব লাগিব ।
  • SDWO জনে নিৰ্বাচিত গোটসমূহৰ তালিকাখন সঞ্চালকালয়ৰ কাৰ্যালয়লৈ নিজৰ মন্তব্যৰে সৈতে পঠিয়াব লাগিব ।
  • যিসকল গোটে ইতিমধ্যেই অসমৰ চৰকাৰৰ পৰা অন্য কোনো আঁচনিৰ যোগেদি অথবা এই সঞ্চলাকালয়ৰ যোগেদি পা‌ৱাৰ টিলাৰ আগেয়ে পাইছে , তেওঁলোকক পুণৰাই দিয়া নহ'ব ।