আচনিৰ নাম | আচনি সমূহ হ'লঃ |
১) বিত্ত সহায় উচ্চ শিক্ষাৰ বাবে আৰু | |
(২) এ.এন.এম, জি.এন,এম আৰু পেৰা মেডিকেল পাঠ্যক্ৰম আদি। | |
অৰ্হতা | উচ্চশিক্ষাৰ বাবে বিত্ত সাহাৰ্য্যৰ বাবে অৰ্হতা সমূহ তলত দিয়া হ'লঃ- |
· ভাৰতীয় নাগৰিক হব লাগিব। | |
· অসমৰ স্থায়ী বাসিন্দা আৰু চাহ জমজাতি বা প্ৰাক্তন চাহ জমজাতিৰ হোৱাতো বাধ্যতামূলক। | |
· জাতি প্ৰমাণপত্ৰ থাকিব লাগিব। প্ৰমাণ পত্ৰ অনুমোদন জিলা উপায়ুক্ত আৰু অসম চৰকাৰৰ চাহ উন্নয়নৰ সঞ্চালকে কৰিব লাগিব। | |
· নাম ভৰ্তিৰ ৰচিদ লাগিব। | |
প্ৰাৰ্থীসকলে নিজৰ শিক্ষানুস্থাৰ মুৰব্বীৰ জৰিয়তে তচলত দিয়া তথ্য সমুহ জমা দিব লাগিবঃ- | |
(১)প্ৰাৰ্থীৰ নাম (২) বয়স(সেই বৰ্ষৰ জানুৱাৰী মাহৰ লৈকে) (৩)পিতৃৰ নাম আৰু স্থায়ী ঠিকনা (৪)সম্পুৰ্ণ ডাক ঠিকনা (৫) টেলিফোন নম্বৰ (৬) উচ্চ/ উচ্চতৰ আৰু তাৰ ওপৰ পৰীক্ষাৰ নম্বৰ শতাংশ (৭)পাঠ্যক্ৰমৰ নাম আৰু পাঠ্যক্ৰমৰ সময়সীমা (৮)বছৰেকীয়া মাচুলৰ পৰিমাণ (৯) পিতৃ/অভিভাৱকৰ বছৰেকীয়া আয়( আয়ৰ প্ৰমাণ পত্ৰ অনুসৰি) (১০)শিক্ষা গ্ৰহণ কৰি থকা শিক্ষানুস্থানৰ নাম আৰু ঠিকনা (১১)জাতি প্ৰমাণ পত্ৰ (টি.জি.এল) | |
এ.এন.এম/জি.এন.এম,বি.এছ.ছি আৰু এম.এছ.চি নাৰ্চিংৰ অৰ্হতা সমুহ হ'লঃ | |
· ভাৰতীয় নাগৰিক হ'ব লাগিব। | |
· অসমৰ স্থায়ী বাসিন্দা আৰু চাহ জমজাতি বা প্ৰাক্তন চাহ জমজাতিৰ হোৱাতো বাধ্যতামূলক। | |
· জাতি প্ৰমাণপত্ৰ থাকিব লাগিব। প্ৰমাণ পত্ৰ অনুমোদন জিলা উপায়ুক্ত আৰু অসম চৰকাৰৰ চাহ উন্নয়নৰ সঞ্চালকে কৰিব লাগিব। | |
· এ.এন.এম পাঠ্যক্ৰমৰ বাবে প্ৰাৰ্থী বাচনিৰ নূন্যতম অৰ্হতা উচ্চতৰ মাধ্যমিক(১০+২) বা সমপৰ্যায়ৰ বা ভাৰতীয় নাৰ্চিং কাউঞ্চিলৰ শেহতীয়া নিয়ম অনুসৰি হ'ব। | |
· জি.এনয়এন পাঠ্যক্ৰমৰ বাবে প্ৰাৰ্থী বাচনিৰ নূন্যতম অৰ্হতা উচ্চতৰ মাধ্যমিক(১০+২) বিজ্ঞান শাখা বা সমপৰ্যায়ৰ বা ভাৰতীয় নাৰ্চিং কাউঞ্চিলৰ শেহতীয়া নিয়ম অনুসৰি হ'ব। | |
· বি.এছচি নাৰ্চিংৰ বাবে প্ৰাৰ্থী বাচনি নূন্যতম অৰ্হতা উচ্চতৰ মাধ্যমিক(বিজ্ঞান) (১০+২) পদাৰ্থবিজ্ঞান,ৰসায়ন বিজ্ঞান,জীৱ বিজ্ঞান সহ নূন্যতম ৪৫% নম্বৰ উপৰোক্ত বিষয় সমূহত পোৱাৰ লগতে এচ.টি, এচ.চি,অবিচি,এম.অ.বি.চি প্ৰাৰ্থী ভাৰতীয় নাৰ্চিং কাউঞ্চিলৰ শেহতীয়া নিয়ম অনুসৰি হ'ব। | |
· বয়সঃ এ.এন.এম শিক্ষাৰ্থীৰ বয়স নামভৰ্তি হোৱা বছৰৰ জানুৱাৰী মাহলৈকে ১৭-২৪ লৈকে হ'ব লাগিব।উৰ্দ্ধতম সীমা এচ.টি, এচ.চি,অবিচি,এম.অ.বি.চি প্ৰাৰ্থীৰ বাবে ৩ বছৰ ৰেহাই দিয়া হব। | |
· বয়সঃ জি.এন.এম/বি.এছচি নাৰ্চিং পাঠ্যক্ৰমৰ শিক্ষাৰ্থীৰ বয়স নামভৰ্তি হোৱা বছৰৰ জানুৱাৰী মাহলৈকে ১৭-২৪ লৈকে হ'ব লাগিব।উদ্ধতম সীমা এচ.টি, এচ.চি,অবিচি,এম.অ.বি.চি প্ৰাৰ্থীৰ বাবে ৫ বছৰ ৰেহাই দিয়া হব। | |
· কেৱল মহিলা প্ৰাৰ্থীয়েহে আবেদন কৰিব পাৰিব। | |
· শাৰীৰিক ভাবে অক্ষম লোকেও আবেদন কৰিব পাৰিব। | |
বাচনি প্ৰক্ৰিয়া | মহকুমা বাচনি সমিতিয়ে প্ৰাৰ্থীৰ তালিকা বাচনি কৰি সঞ্চালকালয়ত জমা দিয়ে। |
সঞ্চালকে ৰাজ্যিক উপদেষ্টা কমিতি (State Level Advisory Committee)লৈ প্ৰেৰণ কৰে য'ত প্ৰাৰ্থীৰ তালিকা চূৰান্ত কৰা হয়। | |
মহকুমাৰ পৰা গ্ৰহণ কৰা বাচনি তালিকা অনুমোদনৰ বাবে ৰাজ্যিক উপদেষ্টা কমিতি (State Level Advisory Committee)(SLAC) পঠোৱা হয়।এচ.এল.এ.চি তলত দিয়া সমুহ অৰ্ন্তভুক্ত কৰেঃ |
আচনিৰ নাম | আচনি সমূহ হ'লঃ |
(১)প্ৰাক-মেট্ৰিক জলপানি | |
(২) পষ্ট-মেট্ৰিক জলপানি | |
অৰ্হতা | প্ৰাক-মেট্ৰিক আৰু পষ্ট-মেট্ৰিক জলপানিৰ বাবে অৰ্হতা সমুহ হ'লঃ |
· প্ৰাক-মেট্ৰিক জলপানি ৯ম পৰা ১০ম শ্ৰেণীৰ ছাত্ৰ সকলক প্ৰদান কৰা হয় আৰু পষ্ট-মেট্ৰিক জলপানি ১০ম শ্ৰেণীৰ পিছত কলেজ আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে প্ৰদান কৰা হয়ষ | |
· যিসকল ছাত্ৰৰ অভিভাৱকৰ আয় সকলো দিশৰ পৰা ১৫০০০০ টকাত কৈ বছৰি বেচি নহয়(প্ৰাক- মেট্ৰিক বাবে) আৰু ২০০০০০টকা বছৰি(পষ্ট-মেট্ৰিকৰ বাবে) | |
· একে অভিভাৱকৰ সকলো সন্তানে যোগ্য হ'ব। | |
চাহ জনজাতি প্ৰাৰ্থীসকল যিয়ে মেট্ৰিক বা উচ্চতৰ মাধ্যমিক বা কোনো স্বীকৃৰ্তি প্ৰাপ্ত বিশ্ববিদ্যালয় বা উচ্চতৰ শিক্ষা পৰিষদ পৰা উচ্চ শিক্ষা আহৰণ কৰিছে তেওঁলোক যোগ্য হ'ব। | |
যিকোনো নিৰ্ধাৰিত অভিযান্ত্ৰিক আৰু পাইলত লাইচেঞ্চ পাঠ্যক্ৰমৰ বাহিৰে সকলো ধৰঁণৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পষ্ট-মেট্ৰিক বা পষ্ট-ছেকেন্ডেৰী পাঠ্যক্ৰমৰ বাবে জলপানি উপলব্ধ হব। | |
· ছাত্ৰসকলে দুৰ-শিক্ষা পাঠ্যক্ৰমৰ জৰিয়তেও শিক্ষা গ্ৰহণ কৰিব পাৰিব। | |
· এই আচনিৰ অধিনত জলপানি লাভ কৰাসকলে অন্য জলপানি লাভ কৰিব নোৱাৰিব। | |
· যিসকল ছাত্ৰই যিকোনো প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা প্ৰাক্-পৰীক্ষা কোচিং গ্ৰহণ কৰি আছে তেওঁলোকে চৰকাৰৰ পৰা বৃত্তিয় সহায় লাভ নকৰে । |
আচনিৰ নাম | পাৱাৰটিলাৰ সমূহৰ বিতৰণ |
উপভোক্তা বাচনিৰ প্ৰক্ৰিয়া | মহকুমা উপভোক্তা বাচনি কমিতিয়ে তলত দিয়া প্ৰক্ৰিয়া সমূহৰ জৰিয়তে উপভোক্তা নিৰ্বাচন কৰেঃ- |
ক) ১০-২০জন সদস্য থকা আত্মসহায়ক গোট সমূহ | |
খ) আত্মসহায়ক গোট সমূহ পুৰুষ বা মহিলা যিকোনো হব পাৰে; কিন্তু মিশ্ৰিত গোটক যোগ্য বুলি ধৰা নহয়। | |
গ) গোটত থকা সকলো সদস্যই চাহ জনজাতিৰ হোৱাতো বাধ্যতামুলক। | |
ঘ) উপভোক্তাসকলৰ জাতি প্ৰমাণ পত্ৰসমুহ নিজৰ জিলাৰ উপায়ুক্ত/মহকুমাধিপতি(চি) য়ে বিধিগত ভাবে অনুমোদন কৰা হব লাগিব। | |
ঙ) আবেদন প্ৰ-পত্ৰৰ সৈতে সকলো সদস্যৰে ফটোগ্ৰাফ দাখিল কৰিব লাগিব।. | |
চ) মহকুমা কল্যাণ বিষয়া আৰু মহকুমা পৰ্যায়ৰ হিতাধিকাৰী নিৰ্বাচন কমিতিৰ অধ্যক্ষৰ উপস্থিতিত প্ৰতিটো নিৰ্বাচিত আত্ম সহায়ক গোটৰ সদস্য সকলে আবেদন প্ৰ-পত্ৰৰ সৈতে গোট ফটো গাঁঠি দিব লাগিব। | |
ছ)SDWOয়ে নিৰ্বাচিত আত্ম সহায়ক গোটৰ তালিকা তেওঁলোকৰ প্ৰস্তাবৰ সৈতে সঞ্চালকলৈ প্ৰেৰণ কৰিব । | |
জ) যিবোৰ আত্ম সহায়ক গোটে উক্ত সঞ্চালকালয়ৰ ফালৰ পৰা অথবা আন কোনো চৰকাৰী বিভাগৰ ফালৰ পৰা পাৱাৰ টিলাৰ ইতিপূৰ্বে লাভ কৰিছে সেই আত্ম সহায়ক গোটবোৰে এই আঁচনিৰ বাবে মান্যতা নাপাব। |
আঁচনিৰ নাম | মহিলা আত্ম সহায়ক গোটলৈ অনুদান |
হিতাধিকাৰী নিৰ্বাচনৰ বাবে অৰ্হতা | মহকুমা পৰ্যায়ৰ হিতাধিকাৰী নিৰ্বাচন কমিতিয়ে তলত উল্লেখ কৰা ধৰণৰে আত্ম সহায়ক গোট নিৰ্বাচন কৰিবঃ |
ক) আত্ম সহায়ক গোট সমূহ ১০-২০ জন সদস্যৰ দ্বাৰা গঠিত হব লাগিব। | |
খ) আত্ম সহায়ক গোটৰ প্ৰতিজন সদস্যৰ বয়স ১৮ বছৰৰ পৰা ৫৯ বছৰৰ ভিতৰত হব লাগিব। | |
আত্ম সহায়ক গোটসমূহ নিজ নিজ উন্নয়ণ খণ্ড আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ অধিনৰ ব্লক মিছন মেনেজমেন্ট(বি.এম.এম.ইউ)ৰ দ্বৰা নথিভুক্ত হব লাগিব। | |
সকলো সদস্য ভাৰতীয় নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী সদস্য হোৱাতো বাঞ্ছনীয় | |
সকলো সদস্য চাহ জনজাতি আৰু প্ৰক্তন চাহ জনজাতি হোৱাতো বাঞ্ছনীয় | |
আবেদন প্ৰ-পত্ৰৰ সৈতে সকলো সদস্যৰে ফটোগ্ৰাফ দাখিল কৰিব লাগিব। | |
চাহ জনজাতি আৰু প্ৰক্তন চাহ জনজাতি সকলৰ জনসংখ্যাৰ ভিত্তিত অসমৰ সৰ্বমুঠ ৪৬ টা মহকুমাৰ পৰা আত্ম সহায়ক গোটৰ সংখ্যা নিৰ্ধাৰণ কৰা হব। | |
SDWOয়ে নিৰ্বাচিত আত্ম সহায়ক গোটৰ তালিকা তেওঁলোকৰ প্ৰস্তাবৰ সৈতে সঞ্চালকলৈ প্ৰেৰণ কৰিব । | |
আত্ম সহায়ক গোটৰ হিতাধিকাৰী সকলক তেওঁলোকৰ অনুদান DBT পদ্ধতিৰে তেওঁলোকৰ নিজ নিজ বেংক একাউন্টত জমা কৰি দিয়া হব। | |
আত্ন সহায়ক গোটসমূহ এবাৰ এই আঁচনিৰ অন্তৰ্গত হোৱাৰ পিছত কমেও তিনি বছৰলৈ আন কোনো অনুদানৰ বাবে গ্ৰহণযোগ্য নহব। |
আঁচনিৰ নাম | চাহ জনজাতীয় লোকৰ ১৩ টা শ্বহীদ পৰিয়ালৰ প্ৰতিটো পৰিয়ালক ৫ লাখ টকাকৈ বিত্তীয় সহযোগীতা |
হিতাধিকাৰী নিৰ্বাচনৰ অৰ্হত | অসমৰ চাহ জনজাতিৰ হকে জীৱন বলিদান দিয়া ১৩ টা শ্বহীদ পৰিয়ালৰ প্ৰত্যেককে তেওঁলোকে নিজৰ জাতিৰ হকে আগুৱাই যাবলৈ ৫ লাখকৈ আৰ্থিক সহযোগীতা আগবঢ়োৱা হব। |
হিতাধিকাৰী নিৰ্বাচন | অসমৰ চাহ জনজাতিৰ হকে জীৱন বলিদান দিয়া ১৩ টা শ্বহীদ পৰিয়ালৰ প্ৰত্যেককে তেওঁলোকে নিজৰ জাতিৰ হকে আগুৱাই যাবলৈ ৫ লাখকৈ একক আৰ্থিক সহযোগীতা আগবঢ়োৱা হব। সঞ্চালকে ধন আদায় দিয়াৰ আগতে ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিতিৰ অধ্যক্ষৰ পৰা ধনৰাশিৰ অনুমোদন লব। |
আঁচনিৰ নাম | চাহ জনজাতীয় লোকৰ শাৰীৰিক ভাৱে বিশেষভাৱে সক্ষম লোকৰ বাবে একক অনুদান |
হিতাধিকাৰী নিৰ্বাচনৰ অৰ্হতা | মহকুমা পৰ্যায়ৰ হিতাধিকাৰী নিৰ্বাচন কমিতিয়ে তলত উল্লেখ কৰা ধৰণৰে হিতাধিকাৰী নিৰ্বাচন কৰিবঃ |
ক) শাৰীৰিক ভাৱে বিশেষভাৱে সক্ষম লোকসকল চাহজনজাতীয় হব লাগিব | |
খ) প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে ভাৰতীয় নাগৰিক হব লাগিব। | |
গ) তেওঁলোকে অতি কমেও ৪০% শাৰীৰিকভাৱে বিশেষ সক্ষম হোৱাৰ প্ৰমাণ পত্ৰ দিব লাগিব যিটো জিলা সমাজকল্যাণ বিষয়া/জিলা স্বাস্থ্য সেৱাৰ জইন্ট ডাইৰেক্টৰ দ্বাৰা অনুমোদিত হব লাগিব। | |
ঘ) জিলা উপায়ুক্ত/মহকুমাধিতীৰ দ্বাৰা অনুমোদিত জাতিগত প্ৰমাণ পত্ৰ হিতাধিকাৰীয়ে দাখিল কৰিব লাগিব। | |
ঙ) আবেদন প্ৰ-পত্ৰৰ সৈতে হিতাধিকাৰীয়ে ফটোগ্ৰাফ দাখিল কৰিব লাগিব | |
চ) SDWOয়ে শাৰীৰিক ভাৱে বিশেষ সক্ষম লোকৰ তালিকা তেওঁলোকৰ প্ৰস্তাৱসহ সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব লাগিব। | |
শাৰীৰিক ভাৱে বিশেষ সক্ষম লোকসকলক তেওঁলোকৰ অনুদান DBT পদ্ধতিৰে তেওঁলোকৰ নিজ নিজ বেংক একাউন্টত জমা কৰি দিয়া হব। | |
শাৰীৰিক ভাৱে বিশেষ সক্ষম লোকসকল এবাৰ এই আঁচনিৰ অন্তৰ্গত হোৱাৰ পিছত পুনৰ অনুদানৰ বাবে গ্ৰহণযোগ্য নহব। |
আঁচনিৰ নাম | উচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণ |
হিতাধিকাৰী নিৰ্বাচনৰ অৰ্হতা | তলত উল্লেখ কৰা ধৰণৰে হিতাধিকাৰী নিৰ্বাচন কৰিবঃ |
ক) হিতাদিকাৰী ভাৰতীয় নাগৰিক হোৱাতো বাঞ্ছনীয়। | |
খ) প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে চাহজনজাতীয় হব লাগিব। | |
গ) প্ৰাৰ্থীৰ জনজাতীয় প্ৰমাণ পত্ৰ থাকিব লাগিব আৰু সেই প্ৰমাণ পত্ৰ নিজ নিজ জিলাৰ উপায়ুক্ত/মহকুমাধিপতিৰ দ্বাৰা প্ৰদান কৰা হব লাগিব। | |
ঘ)হিতাধিকাৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। | |
ঙ)প্ৰাৰ্থীয়ে খালী থকা আসনৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা নিম্নতম নম্বৰ লাভ কৰিব লাগিব। | |
চ)মহিলা প্ৰাৰ্থীৰ বাবে ৩০% আসন সংৰক্ষিত হব। |