I am now accessing as a :

Government Of Assam Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ

অসমৰ চাহ জনজাতিৰ লোকসকলক স্বনিয়োজনৰ সুবিধা কৰিবপৰাকৈ দক্ষতা বিকাশ কৰাবৰ বাবেই এই প্ৰকল্পটো হাতত লো‌ৱা হৈছে । বিশেষকৈ সীমান্ত‌ৱৰ্তী বা দূৰত অ‌ৱস্থিত গ্ৰাম্য অঞ্চলসমূহত এনে সা-সুবিধা নথকাৰ পৰিপেক্ষতিতত এই প্ৰকল্পটো অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে ।

মুঠ ৫১খন SDKCৰ ভিতৰত ৪০খন SDKC ক ইতিমধ্যেই M/S H P Institute of Insurance for Operation and Maintenance ক চৰকাৰ-কোম্পানীৰ অংশীদাৰী হিচাপত ১৯-০৯-২০১২তাৰিখৰ পৰা দি দিয়াৰ হৈছে ।

দক্ষতা বিকাশৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ স‌ৱিশেষ তালিকা তলত দিয়া হ’ল:

জিলাকেন্দ্ৰ
তিনিচুকীয়াতিনিচুকীয়া [আইটিআই চৌহদৰ ভিতৰত ], চোটা টিংগ্ৰাই, তলপ, পো‌ৱাই
ডিব্ৰুগড়ডিব্ৰুগড় [ আইটিআই চৌহদৰ ভিতৰত ], লাহো‌ৱাল, নাহৰকটীয়া, লেপেটকটা, দুলিয়াজান, টিংখং, মৰাণ, চাবু‌ৱা
শি‌ৱসাগৰশি‌ৱসাগৰ [ আইটিআই চৌহদৰ ভিতৰত ], মিকীয়াপুৰ, সুন্দৰপুৰ , আটাবাৰী, মহমৰা, আমগুৰি, ৰঙাপথাৰ 
যোৰহাটৰৰৈয়া, তিতাবৰ, হেমলাই
গোলাঘাটধনশিৰি  [ আইটিআই চৌহদৰ ভিতৰত ]দক্ষিণহেঙেৰা , বোকাখাত, দেৰগাওঁ
নগাওঁনগাওঁ [ আইটিআই চৌহদৰ ভিতৰত ], চালনা, কঠিয়াতলী, চেকনী, আমচৈ
কামৰূপ মেট্ৰোসোনাপুৰ
লক্ষীমপুৰলক্ষিমপুৰ  [ আইটিআই চৌহদৰ ভিতৰত ], দেজু
শোনিতপুৰপনাবাৰী, বৰজুলী, প্ৰতাপগড়, বেহালী, ব্ৰহ্মজান
উদালগুৰিমাজবাট  [ আইটিআই চৌহদৰ ভিতৰত ], হাতীগড়
কোকৰাঝাৰগোঁসাইগাওঁ
বঙাইগাওঁবঙাইগাওঁ  [ আইটিআই চৌহদৰ ভিতৰত ]
কাছাৰচিলচৰ  [ আইটিআই চৌহদৰ ভিতৰত ], বিনাকান্ধী, উদৰবান্ধ, লক্ষীপুৰ, কুম্ভ
কৰিমগঞ্জকৰিমগঞ্জ [ আইটিআই চৌহদৰ ভিতৰত ] , দোলাবেচেৰা
হাইলাকান্দিহাইলাকান্দি [ আইটিআই চৌহদৰ ভিতৰত ]

চৰকাৰ-কোম্পানীৰ অংশীদাৰিত্বৰে চলিব লগীয়া আইটিআই চৌহদৰ ভিতৰত থকা ১১ টা কেন্দ্ৰ এতিয়াও কোম্পানিক চলাবৰ বাবে চমজাই দিয়া হো‌ৱা নাই ।

ইয়াতে উল্লেখ কৰিব পাৰি যে ভিন্ন দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ এতিয়ালৈকে সৰ্বমুঠ ৮৪২১ জন প্ৰশিক্ষাৰ্থীয়ে বিভিন্ন বিভাগত প্ৰশিক্ষণ ল’বৰ বাবে নামভৰ্তি কৰিছে । ইয়াৰে ৪২৭০জনে ইতিমধ্যে প্ৰশিক্ষণ সমাপ্ত কৰিছে । এই সমাপ্ত কৰা ৪২৭০জনৰ ভিতৰত ২৮৭১জনে NCVTৰ দ্বাৰা আয়োজিত প্ৰমাণপত্ৰৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিলে ।ইয়াৰে আকৌ NCVTৰ পৰা প্ৰমাণ পত্ৰ পো‌ৱা ১৪২৫জনক বিভিন্ন কোম্পানীত চাকৰি দিয়া হৈছে ।

টাৰ্ণাৰ, ফিটাৰ, ‌ৱাৰমেন, ড্ৰাইভিং, ৰেডিঅ-টিভি মেকানি, মোবাইল ফোন ৰেপেৰিং, সৌন্দৰ্য বিশেষজ্ঞ, কেশ-বিন্যাস বিশেষজ্ঞ, কাটিং-নিটিং, এমব্ৰইডাৰী আদি অন্যান্য বিষয়ৰ প্ৰশিক্ষণ দিয়াবৰ বাবেও যথেষ্ট পদক্ষেপ হাতত লো‌ৱা হৈছে ।

বৰ্তমানে এনে প্ৰশিক্ষন এইকেইটা বিষয়ত দি থকা হৈছে – ইলেক্ট্ৰিছিয়ান, কাঠৰ মিস্ত্ৰী, পানীযোগানৰ মিস্ত্ৰী, পকা-মিস্ত্ৰী,কম্পিউটাৰ চালন, বহুমুখী ঘৰু‌ৱা কৰ্মী, কাটিং আৰু টেইলৰিং, জী‌ৱন-বীমা, বেংকিং আৰু একাইণ্টেন্সী ।