I am now accessing as a :

Government Of Assam Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

আমি কি কৰো

কল্যাণ নিধি স্থাপন কৰা

অসম চাহ ৰোপন কৰ্মীৰ কল্যাণ নিধি (সংশোধনী)বিধেয়ক,১৬৫৯বৰ ৩(২) অনুসূচী অনুসৰি তলত দিয়া একাউন্টসমূহ মিলাই এটি ফাণ্ড গঠন কৰা হৈছে:

  • গছ ৰোপনৰ ব্য‌ৱস্থাপনাৰ সময়ত কৰ্মীৰ পৰা লো‌ৱা শুল্কসমূহ।
  • আদায় নিদিয়া জমা টকা সকলো।
  • ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ বা চাহ বিধেয়ক,১৯৫৩ (১৯৫৩ৰ বিধেয়ক-২৯)ৰ অধীনত গঠিত হো‌ৱা চাহ পৰিষদৰ পৰা পো‌ৱা সকলো অনুদান ।
  • যিকোনো দান ।
  • চেকচন-৮ৰ অধীনত লো‌ৱা যিকোনো ঋণ ।
  • কৰ্মচাৰীৰ ভ‌ৱিশ্যনিধিত দাবীবিহীনভা‌ৱে থকা বা এনেয়ে পৰি থকা টকা।
  • চাহ কৰ্মচাৰী, মালিক আৰু ৰাজ্য চৰকাৰৰ পৰা পো‌ৱা অৰিহণা ।

অসম চাহ-কৰ্মচাৰী কল্যাণ পৰিষদৰ কল্যাণমূখী কাম-কাজ

ATEWB য়ে চাহ কৰ্মীসকলৰ সমাজৰ উন্নয়নৰ হকে হাতত লো‌ৱা পদক্ষেপসমূহ এনে ধৰনৰ:

  • A.N.M. আৰু G.N.M. নাৰ্চিং পাঠ্যক্ৰমৰ প্ৰশিক্ষণ ।
  • অসম চাহ মজদুৰ ছাত্ৰ-ছাত্ৰীৰ থকা আৱা্স।
  • চাহ জনজাতিৰ ৰোগীৰ বাবে বিশ্ৰামগৃহ ।
  • চাহ জনজাতিৰ লোকৰ বাবে বিশ্ৰামগৃহ ।
  • চাহ জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে আৰ্থিক সকাহ ।
  • মেজেঙাত অৱৰস্থিত মহিলা প্ৰশিক্ষণ কেন্দ্ৰত মহিলাসকলক প্ৰশিক্ষণ দিয়া ।
  • ৰৰৈয়াস্থিত ঔদ্যোগিক প্ৰশিক্ষন কেন্দ্ৰত প্ৰশিক্ষণ দিয়া।
  • চাহ মজদুৰৰ বাবে সাম্প্ৰদায়িক সভাকক্ষ ।
  • অসমৰ চাহ জনজাতিৰ শিক্ষাৰ্থীৰ বাবে কিতাপৰ অনুদান ।
  • সদৌ অসম ভিত্তিক শৈক্ষিক ভ্ৰমণ ।
  • অনুকম্পামূলক অনুদান ।
  • শিশুৰ যত্ন লো‌ৱা প্ৰাক-প্ৰাথমিক কেন্দ্ৰ ।
  • চিকিৎসাৰ সা-সজুলি যোগান ।
  • চকু-চিকিৎসাৰ কেম্প পতা ।
  • প্ৰতিভাসন্ধানি পৰীক্ষা তথা টিউটৰিয়েল ক্লাছ ।