I am now accessing as a :

Government Of Assam Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

আমাৰ ইতিহাস

অসমত প্ৰায় ১০০০খন চাহ বাগিছা আছে য’ত কৰ্মৰত মূলত উৰিশ্যা, মধ্যপ্ৰদেশ, বিহাৰ, অন্ধ্ৰ প্ৰদেশ আৰু পশ্চিমবংগৰপৰা অহা কৰ্মীসকল বৰ্তমানে অসমতে নিগাজীকৈ থাকিবলৈ ল’লে । তেওঁলোকক মূলত চাহ-জনজাতি বুলিয়েই জনা যায় আৰু এওঁলোকক চৰকাৰে অন্যান্য পিছপৰা জাতি হিচাপে চিহ্নিত কৰিছে । এই খিনি মানুহে অসমৰ মূল জনসংখ্যাৰ এটা শকত পৰিমাণ গঠন কৰাই নহয়, অসমৰ চাহ উৎপাদনৰো ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । (ভাৰতৰ প্ৰায় ৫৩% চাহ উৎপন্ন অসমৰপৰাই হয় ) আৰু এইদৰে অসমৰ অৰ্থনীতিলৈয়ো প্ৰচুৰ অৰিহণা যোগাই আহিছে ।

এই চাহ জনজাতিৰ লোক অসমৰ প।ৰায় সকলো ঠাইতে বিস্তাৰিত হৈ আছে । অৰ্থনৈতিকভা‌ৱে এওঁলোক যথেষ্ট দুৰ্বল আৰু পঢ়া-শুনাৰ ক্ষেত্ৰতো অতি বেছিকৈয়ে পিছপৰা । অৰ্থনৈতিক সাহাৰ্যৰ ওপৰিও এওঁলোকৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে অসম চৰকাৰৰ ফালৰপৰা কিছু পদক্ষেপ লোএৱা হেছে । অসম চৰকাৰে চাহ জনজাতি কল্যাণ সঞ্চলকালয় ৰ যোগেদি ১৯৮৩-৮৪চনৰে পৰা বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ন কৰি আহিছে ।