মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

অনানুষ্ঠানিক অনুষ্ঠানৰ কল্যাণৰ বাবে অনুদান

  • লক্ষ্যঃ

    এই আঁচনিৰ মূল উদ্দেশ্য হৈছে চাহ জনজাতীয় লোকৰ কল্যাণৰ বাবে কাম কৰা বিভিন্ন অনানুষ্ঠানিক অনুষ্ঠানক বিত্তীয় সহযোগীতা প্ৰদান কৰা।

    পাৰ্থি‌ৱ লক্ষ্যঃ

    পাৰ্থি‌ৱ লক্ষ্য নিৰ্ধাৰিত বিত্তীয় বৰ্ষৰ বাবে ধাৰ্য কৰা ধন আবেদন কৰা অনুষ্ঠানৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব।

    ৰূপায়নৰ এজেন্সীৰ নাম

    চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়

    বৈশিষ্ট

    বৈশিষ্ট তলত দিয়া ধৰণৰ:

    প্ৰতিটো অনুষ্ঠানৰ বাবদ সৰ্বমুঠ ৫০,০০০ টকা লৈকে এইধৰণৰ অনুদান পোৱা যাব।

    চাহ জনজাতীয় কল্যাণ আৰু উন্নয়ন কমিতিৰ গাঁঠনিঃ

    অনানুষ্ঠানিক অনুষ্ঠানক নিৰ্বাচনৰ অৰ্হতাসমূহ তলত উল্লেখ কৰা ধৰণৰঃ

    • মহকুমা পৰ্যায়ৰ হিতাধিকাৰী নিৰ্বাচন কমিতিয়ে সৰ্বমুঠ ৪৬ টা মহকুমাৰ পৰা চাহ জনজাতীয় কল্যাণ আৰু উন্নয়ন কমিতি গঠন কৰিব। এই কমিতিখন the Societies Registration Act ৰ অধিনত পঞ্জীয়ন কৰা হব।এই কমিতিয়ে বিভিন্ন জনকল্যাণমুখী আঁচনিৰ সফল ৰূপায়নৰ বাবে কাম কৰিব।
    • চাহবাগিচাৰ ভিতৰত এই আঁচনিৰ সফল ৰূপায়নৰ বাবে এক দৃষ্টান্তমূলক পদক্ষেপ লোৱাই হৈছে এই কমিতি গঠনৰমূল লক্ষ্য।
    • মহকুমা পৰ্যায়ৰ হিতাধিকাৰী নিৰ্বাচন কমিতিয়ে আঁচনিখন উজলাই তুলিব পৰা আৰু অগ্ৰণী ভূমিকা লোৱা সদস্যৰ দ্বাৰা কমিতিখনৰ গঠন সুনিশ্চিত কৰিব

    ৰূপায়নঃ

    মহকুমা পৰ্যায়ৰ হিতাধিকাৰী নিৰ্বাচন কমিতিক মহকুমা ভিত্তিত অনুদানৰ বাবে পঞ্জীকৃত চাহ জনজাতীয় কল্যাণ আৰু উন্নয়ন কমিতিৰ তালিকাৰ বিচাৰিব আৰু নিৰ্বাচন কৰি তালিকখন সঞ্চালকালয়ে চুড়ান্ত কৰি ইয়াক ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ চেয়াৰমেনৰ ওচৰলৈ অনুমোদনৰ বাবে পঠিয়াব আৰু যোগ্য অনুষ্ঠানক পোনপতীয়াভা‌ৱে ই-ট্ৰান্সফাৰৰ দ্বাৰা বেংক একাউন্টত আৰ্থিক সাহাৰ্য প্ৰদান কৰা হব ।

    অনুদানৰ বিতৰণঃ

    চৰকাৰৰ পৰা ধন আদায় পোৱাৰ পিছতেই ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ অধ্যক্ষৰ দ্বাৰা চুড়ান্ত কৰা তালিকাৰ অনুষ্ঠানলৈ পোনপতীয়াভা‌ৱে ই-ট্ৰান্সফাৰৰ দ্বাৰা বেংক একাউন্টত আৰ্থিক সাহাৰ্য প্ৰদান কৰা হব ।

    আঁচনিৰ তদাৰকীকৰণঃ

    এই আঁচনিৰ পৰ্যবেক্ষণ আৰু অগ্ৰগতিৰ তদাৰক মহকুমাৰ সহযোগত ৰাজ্যিক পৰ্যায়ত সঞ্চালকায়ৰ ফালৰ পৰা কৰা হব।

    নথি-পত্ৰৰ চোৱাচিতা আৰু তদাৰকীকৰণঃ

    সঞ্চালকে APR সহ সম্পূৰ্ণ নথি পত্ৰ চোৱাচিতা কৰিব আৰু সময়মতে চৰকাৰক খতিয়ান দাখিল কৰিব।

    অগ্ৰগতিৰ খতিয়ান দাখিল

    সঞ্চালকে অগ্ৰগতিৰ খতিয়ানচৰকাৰক দাখিল কৰিব।

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা বাৰ্ষিক ভিত্তিতনিয়মীয়াকৈ লেখা পৰীক্ষা কৰা হব যাৰ দ্বাৰা চাহ জনজাতি বিভাগে নিশ্চিত কৰিব যে সময়ে সময়ে চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালৰ একাইন্টৰ AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা কৰি থকা হৈছে।

    কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ দাখিল

    সঞ্চালকালয়ে কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ সময়মতে চৰকাৰক দাখিল কৰিব।

    নিৰ্ধাৰিত সময়ৰ সামৰণিঃ

    প্ৰতিটো বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ